‘দিল্লীৰ শ্ৰদ্ধাৰ দৰেই একেই অৱস্থা অসমতো এগৰাকী যুৱতীৰ’- বিয়পি পৰা এই খবৰক মিছা আখ্যা অসম আৰক্ষীৰ

0
135

‘দিল্লীৰ শ্ৰদ্ধাৰ দৰেই একেই অৱস্থা অসমতো এগৰাকী যুৱতীৰ’- বিয়পি পৰা এই খবৰক মিছা আখ্যা অসম আৰক্ষীৰ

সামাজিক মাধ্যমত বিয়পি পৰা এক খবৰক মিছা আখ্যা। এগৰাকী মহিলাৰ সৈতে অকথ্য নিৰ্যাতন হোৱাৰ লগতে হত্যা হোৱা বুলি সকলোতে ভাইৰেল হৈ পৰিছিল। সেই ভয়ংকৰ ঘটনা অসমত সংঘটিত হোৱা বুলি বিয়পি পৰিছিল সদ্যহতে।

দিল্লীৰ শ্ৰদ্ধাৰ লেখিয়া অসমতো এগৰাকী যুৱতীক ফ্ৰীজৰ মাজত ভৰাই থোৱা বুলি বিয়পি পৰিছিল। বিয়পি পৰা খবৰ অনুসৰি, কাজল নামৰ এগৰাকী যুৱতীক লিভ ইন সম্পৰ্কত থকা গফ্ফাৰ নামৰ এজন যুৱকে প্ৰথমে ৭ বন্ধুৰ হতুৱাই দলবদ্ধ ধৰ্ষণ কৰোৱাই।

পাছত সংজ্ঞাহীন অৱস্থাত ফ্ৰীজত ভৰাই থৈ দিয়ে। অত্য়ধিক শীতত পাছত ফ্ৰীজৰ ভিতৰতে মৃত্যু হয় কাজলৰ। ঘটনাৰ বিষয়ে বাতৰি প্ৰকাশ পোৱাৰ পাছতে সকলো ফালে ভাইৰেল হৈ পৰে।

পাছে সেই খবৰক শেষত মিছা আখ্যা দিয়ে অসম আৰক্ষীয়ে। টুইট যোগে সদৰি কৰে আৰক্ষীয়ে। লগতে সেই ঘটনাৰ সত্যতাও প্ৰমাণ কৰে।

বিয়পি পৰা ঘটনা অসমৰ নহয়, সেই ঘটনা পৰ্তুগীজৰ হে। তাকো ঘটনা কোনো সত্য় ঘটনা নহয়। বৰঞ্চ ২০১০ চনৰ এক পৰ্তুগীজ ব্লগৰ এখন ছবিহে। যি ছবিকেই সামাজিক মাধ্যমত সম্পূৰ্ণ মিছা প্ৰসংগৰ সৈতে শ্বেয়াৰ কৰা হৈছে।

সেয়ে অসম আৰক্ষীয়ে টুইট যোগে সেই ভুৱা বাতৰি আৰু বিয়পাই নিদিবৰ বাবে আহ্বান জনোৱাৰ লগতে এনে বাৰ্তা ভাগ বতৰা কৰা লোকসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা লোৱা হ’ব বুলি সদৰি কৰে।