17 C
Guwahati
Wednesday, December 1, 2021
More

    কলগাছিয়াৰ অসামৰিক চিকিৎসালয়ত নাৰ্ছৰূপী দালাল আটক

    কলগাছিয়াৰ অসামৰিক চিকিৎসালয়ত নাৰ্ছৰূপী দালাল আটক

    কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসায়লত আজি এগৰাকী নাৰ্ছৰূপী দালালক আটক কৰাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

    জানিব পৰা মতে, চিকিৎসকৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি দালালৰাজ চলাই আছিল নাৰ্ছৰূপী যুৱতী গৰাকীয়ে।

    আজি দালালৰূপী নাৰ্ছ গৰাকীক গোপন সূত্ৰৰ খবৰ অনুসৰি চিকিৎসালয়খনৰ অধীক্ষক ডাঃ ছামছুল আলমে হাতে-লোটে ধৰা পেলাবলৈ সক্ষম হয়।

    দালালৰূপী নাৰ্চ জনীয়ে ৰোগী এজনৰ পৰা চিকিৎসকৰ নিদানপত্ৰ লৈ বাহিৰৰ পৰা ঔষধ ক্ৰয় কৰি দিয়াৰ কথাকৈ চিকিৎসালয়ৰ পৰা ওলাই আহাৰ সময়তে অধীক্ষক ডাঃ ছামছুল আলমে হাতে-লোটে আটক কৰে।

    আনহাতে, ছদ্মবেশী ভূৱা নাৰ্ছ গৰাকীয়ে ভৱিষ্যতে এনে কাম নকৰে বুলি লিখি দিয়াৰ পাছত আৰক্ষীৰ হাতত গটাই দিয়া হৈছে বুলি জানিব পৰা গৈছে।

    ফটো আৰু ইনপুট- জাবেদ আলি (কলগাছিয়া)

    আৰু পঢ়ক : তালিবানী কায়দা, মিজোৰামত আত্মঘাটি বোমাৰে পত্নীক হত্যা প্ৰাক্তন স্বামীৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং