33 C
Guwahati
Thursday, August 4, 2022
More

    নগাঁৱত নকল সোণৰ উজান ! নগাঁও আৰক্ষীয়ে জব্দ কৰিলে কেইবাখনো নকল সোণৰ নাঁও

    নগাঁৱত নকল সোণৰ উজান ! নগাঁও আৰক্ষীয়ে জব্দ কৰিলে কেইবাখনো নকল সোণৰ নাঁও

    নগাঁৱত জব্দ হৈছে নকল সোণ ।নগাঁও সদৰ থানাৰ পৰিদৰ্শক মনোজ ৰাজবংশীৰ নেতৃত্ব যোৱা আৰক্ষীৰ এটা দলে বুধবাৰে নিশা অভিযান চলাই ।

    অভিযানত আৰক্ষীয়ে জব্দ কৰে ৯ খন নকল সোণৰ নাঁও আৰু এটা যিশুৰ নকল সোণৰ মূৰ্তি আৰু দুখন সোণৰ বিস্কুট। নগাঁৱৰ কাটিমাৰী গ্ৰাণ্টৰ আব্দুল জব্বৰৰ ঘৰত অভিযান চলাইছিল আৰক্ষীয়ে।

    আব্দুল জব্বৰৰ ঘৰত অভিযান চলোৱাৰ লগতে ৰহিমা খাতুন নামৰ এগৰাকী মহিলাৰ ঘৰতো আৰক্ষীয়ে অভিযান চলাই। অভিযানত ৰহিমা খাতুনৰ ঘৰৰ পৰা ২৯ টাকৈ হেৰ’ইন ভৰ্তি কণ্টেনাৰ জব্দ কৰে। লগে লগে আৰক্ষীয়ে আব্দুল জব্বৰৰ লগতে ৰহিমা খাতুনক গ্ৰেপ্তাৰ কৰে।

    জব্বৰৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমানৰ নকল সোণ উদ্ধাৰ কৰে। বাগৃহটিৰ এটা ৰেফ্ৰিজেৰটৰৰ ভিতৰত নকল সোণখিনি লুকুৱাই থৈছিল৷

    জব্বৰৰ স্বীকাৰোক্তিৰ মতে নকল সোণখিনি বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ মৈৰাবাৰীলৈ লৈ যোৱাৰ কথা আছিল৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং