26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ২৫ বছৰে ধৰি ৰোগীক চিকিৎসা প্ৰদান কৰা ভুৱা চিকিৎসক আটক

    ২৫ বছৰে ধৰি ৰোগীক চিকিৎসা প্ৰদান কৰা ভুৱা চিকিৎসক আটক

    ২৫ বছৰে ধৰি ৰোগীক চিকিৎসা প্ৰদান কৰা ভুৱা চিকিৎসক আটক। মাজুলীৰ জেংৰাই মূখ থানাৰ অন্তৰ্গত জেংৰাই লখিমী গাঁৱত আজি জেংৰাই মূখ থানাৰ আৰক্ষী দলে এজন চয়ম্ভু ভুৱা চিকিৎসক আটক কৰে।

    ভুৱা চিকিৎসক জনৰ নাম উত্তম কোছৱাহা। ভূৱা চিকিৎসক জনৰ ঘৰ উত্তৰপ্ৰদেশত। বহিঃৰাজ্যৰ পৰা অসমত সূদীৰ্ঘকাল ৰোগীক চিকিৎসা প্ৰদান কৰাৰ অন্তত আজি আৰক্ষীয়ে আটক কৰে।

    ২৫ বছৰে এই ভুৱা চয়ম্ভু চিকিৎসক জনে বহুতো ৰোগীক চিকিৎসা কৰি আহিছে বুলি স্থানীয় লোকে কোৱাৰ লগতে ভূৱা চিকিৎসক জনে নিজও স্বীকাৰ কৰে সমষ্ট কথা।

    আনহাতে ভূৱা চিকিৎসক জনৰ ঘৰত বহু ঔষধপাতি আদিয়ো জব্দ কৰিবলৈ সক্ষ্যম হৈছে আৰক্ষীৰ দলে। বৰ্তমান মাজুলীতেই মাজুীৰ বাসিন্দা বিচাপে বসবাস কৰি আছে ভুৱা চিকিৎসকগৰাকীয়ে।

    Input and Photo – Kalpajit Saikia

    আৰু পঢ়ক : মাস্ক পৰিধান নকৰাৰ বাবে মহিলাৰ কাপোৰ খুলি ল’লে ফটো,পিছত ধৰ্ষণ আৰক্ষী বিষয়াৰ!

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং