26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    সাৱধান! বেংকৰ পৰা সংগ্ৰহ কৰা নোটৰ মাজত ওলাইছে জাল নোট

    সাৱধান! বেংকৰ পৰা সংগ্ৰহ কৰা নোটৰ মাজত ওলাইছে জাল নোট

    শিৱসাগৰ নগৰৰ মাজমজিয়াত থকা চেন্ট্রল বেংক অফ ইণ্ডিয়াৰ পৰা যোৱা শুক্ৰবাৰ অর্থাৎ ১১ জুনৰ দিনা তৰুণ বুঢ়াগোঁহাই নামৰ এজন ব্যক্তিয়ে নগদ ১২ হাজাৰ টকা নিজৰ কণিষ্ঠ কণ্যা কংকনা নেহা বুঢ়াগোঁহাইৰ একাউণ্টৰ পৰা উলিয়াই আনিছিল।

    উক্ত পাঁচশ টকাৰ নোটখিনি লৈ তৰুণ বুঢ়াগোঁহাইয়ে আজি দুপৰীয়া ষ্টেট বেংক অব ইণ্ডিয়াত জমা দিবলৈ মুখামুখি হয় এক সমস্যাৰ। বাৰ হাজাৰ টকাৰ পাঁচশ টকীয়া নোটৰ মাজত এখন জাল নোট উদ্ধাৰ হয়।

    তৰুণ বুঢ়াগোঁহাইয়ে জমা দিবলৈ নিয়া নোটৰ মাজৰ এখন নোট পৰিমাণ নিৰ্ধাৰণ কৰা মেচিনে গ্ৰহণ নকৰাৰ লগতে নাটখন জালি বুলি জানিবলৈ দিয়ে বেংক কৰ্তৃপক্ষই।

    উপায়ন্ত হৈ তৰুণ বুঢ়াগোঁহাইয়ে নিকটতম বেংক পঞ্জাৱ নেচনেল বেংকৰ কতৃপক্ষক উক্ত পাঁচশ টকীয়া নোট খন বৈধ হয় নে নহয় পৰীক্ষাৰ বাবে কাষ চাপে। তন্ন তন্নকৈ পৰীক্ষাৰ অন্তত গ্রাহকজন নিশ্চিত হৈ উঠে যে নাটখন জাল।

    উল্লেখ যে, গ্রাহকজন সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে যে, বেংকৰ পৰা সংগ্ৰহ কৰা নগদ ১২ হাজাৰ টকাৰ লগত তেওঁ অন্য কোনো নোট সন্নিৱিষ্ট কৰা নাছিল। আনহাতে, এই সন্দৰ্ভত প্রশ্নটৌ বেংকৰ মেনেজাৰক প্রশ্ন কৰাত কয় যে, কোনো লিখিত অভিযোগ দাখিল নোহোৱাৰ বাবে তেওঁ দায়িত্বশীল নহয় এই বিষয়টোৰ ওপৰত।

    এতিয়া প্ৰশ্ন হয় গ্ৰাহক তৰুণ বুঢ়াগোঁহাইয়ে যদি মিছা মতা নাই তেন্তে, উক্ত পাঁচ‌শ টকীয়া জাল নোটখন চ্রেন্টল বেংকৰ ল’কাৰত প্রৱেশ কৰিল কেনেকৈ…? বেংক কৰ্তৃপক্ষ আৰু প্রশাসনৰ চকুত ধূলি দি বেংকৰ কোনোবা কর্মচাৰী জড়িত হৈ পৰিছে নেকি ইজি মাণি উপার্জনৰ নামত জাল নোটৰ ব্যৱসায়ত…?

    input : Sanjay pareek

    আৰু পঢ়ক : জুৰীয়াত উত্তপ্ত পৰিস্থিতি! সাংবাদিকক আক্ৰমন পঞ্চায়তৰ সভাপতি আৰু গুণ্ডাবাহিনীৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং