ৰঙিয়াৰ মৰাণজানৰ কাৰখানাত বিস্ফোৰণ, শ্ৰমিকৰ মৃত্যুৰ আশংকা

0
1538
ৰঙিয়াৰ মৰাণজানৰ কাৰখানাত বিস্ফোৰণ, শ্ৰমিকৰ মৃত্যুৰ আশংকা

ৰঙিয়াৰ মৰাণজানৰ কাৰখানাত বিস্ফোৰণ, শ্ৰমিকৰ মৃত্যুৰ আশংকা

ৰঙিয়াৰ মৰাণজানস্থিত কামৰূপ ফুৱেলছ নামৰ এটা কাৰখানাৰ ভিতৰত আজি বিস্ফোৰণ ঘটাৰ বাবে সমগ্ৰ অঞ্চলটোত হুৱা-দুৱা লাগে।

মৰাণজানৰ স্থানীয় লোক সকলে এই বিস্ফোৰণৰ ফলত কাৰখানাটোত কৰ্মৰত কৰ্মচাৰীৰো মৃত্যু হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে।

পূৰ্বেও কাৰখানাটোৰ ভিতৰত সংঘটিত হোৱা বিস্ফোৰণৰ ফলত দুজন লোকৰ মৃত্যু হৈছিল আৰু ৰাইজে উক্ত ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও প্ৰতিষ্ঠানটোৰ ফালৰ পৰা সেই প্ৰতিবাদক কোনোধৰণ গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল।

মৰাণজানৰ লোক সকলে এই কাৰখানাটোৰ বিৰুদ্ধে বহুবাৰ চৰকাৰ জিলা প্ৰশাসনক অৱগত কৰিছে যদিও প্ৰশাসনৰ তৰফৰ পৰাও কোনোধৰণৰ ব্যাৱস্থা গ্ৰহণ কৰা হোৱা নায়।

স্থানীয় ৰাইজৰ অভিযোগ মতে, কাৰখানাটোৰ ওচৰত বসবাস কৰা লোক সকলে কাৰখানাটোৰ পৰা ওলোৱা বিষাক্ত ধোৱা আৰু গেছৰ বাবে বিভিন্ন ছালৰ ৰোগ, উশাহজনিত ৰোগত আক্ৰান্ত হ’বলগীয়া হৈছে।

কাৰখানাৰ পৰা নিৰ্গত বিষাক্ত ধোৱাৰ ফলত মৰাণজানত কৰ্কট ৰোগৰ প্ৰভাৱো বৃদ্ধি পোৱা বুলি স্থানীয় লোক সকলে অভিযোগ কৰাৰ লগতে বাহিৰত শুকুৱাবলৈ দিয়া কাপোৰ সমূহো ক’লা পৰি যায় বুলি উল্লেখ কৰে।

ফটো আৰু ইনপুট- তৃষ্ণা দাস

আৰু পঢ়ক : মোহালীত ৫০ শতাংশ দৰ্শকেৰে হ’ব কিং কোহলীৰ ১০০ সংখ্যক টেষ্ট