
১ ডিচেম্বৰৰ পৰা ফেচবুকে নিজৰ প্লেটফৰ্মত কিছু পৰিৱৰ্তন কৰিবলৈ আগবাঢ়িছে। ফেচবুকৰ এই পৰিৱৰ্তনৰ পিছত আপোনাৰ প্ৰফাইলত কি কি বস্তু বা তথ্য নাথাকিব তাৰ বিষয়ে বিতং তথ্য তলত উল্লেখ কৰা হ’ল।
আমি জনাও যে ১ ডিচেম্বৰৰ পিছত আপুনি আপোনাৰ ফেচবুক প্ৰফাইলত ইণ্টাৰেষ্টেড ইন, ধৰ্মীয় মতামত, ঠিকনা আৰু ৰাজনৈতিক দৃষ্টিভংগীৰ দৰে কথাবোৰ চাব নোৱাৰিব। এই সকলোবোৰ গুৰুত্বপূৰ্ণ তথ্য এতিয়া আপোনাৰ প্ৰফাইল ছেকচন আৰু বায়’ত দেখা যায়।
বৰ্তমান এই পৰিৱৰ্তন সন্দৰ্ভত কোম্পানীটোৱে কোনো আনুষ্ঠানিক তথ্য দিয়া নাই।
উল্লেখ্য যে, ফেচবুকত পূৰ্বে মানুহৰ পচন্দ, তেওঁলোকৰ ধৰ্মীয় দৃষ্টিভংগী, ইণ্টাৰেষ্টেড ইন আৰু ৰাজনৈতিক দৃষ্টিভংগীৰ ওপৰত সম্পূৰ্ণ এটা কলম আছিল।
মেটাৰ মুখপাত্ৰ এমিল ভাজকেজে কয় যে ফেচবুকত নেভিগেট কৰাত সহজ কৰিবলৈ আমি কিছুমান প্ৰফাইল ফিল্ড পুনৰ বিতৰণ কৰিছো আৰু ইয়াৰ বাবে আমি গ্ৰাহকলৈও জাননী প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছো।
মন কৰিবলগীয়া যে, মেটা কোম্পানীয়ে কিছুদিনৰ পৰা আৰ্থিক লোকচানৰ সৈতে মোকাবিলা কৰি আহিছে। ইয়াৰ বাবে শেহতীয়াকৈ এটা খবৰ আহিছিল যে কোম্পানীটোৱে ১১ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল।