26 C
Guwahati
Monday, October 3, 2022
More

    জুম্মা নামাজৰ পিছতেই ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল মছজিদ

    তালিবান শাসনাধিষ্ঠ আফগানিস্তানৰ কাবুলত পুনৰ এবাৰ বিস্ফোৰণ সংঘটিত হোৱাৰ খবৰ আহিছে। ৱাজিৰ মহম্মদ আকবৰ খান মছজিদৰ সমীপত এই বিস্ফোৰণটো ঘটিছিল।

    প্ৰাৰম্ভিক তথ্য অনুসৰি, জুম্মা নামাজ পঢ়ি লোকসকলে মছজিদৰ পৰা ওলাই অহাৰ পিছতে এই বিস্ফোৰণ সংঘটিত হৈছিল। বৰ্তমানলৈকে এই বিস্ফোৰণত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।

    বিগত কিছু মাহৰ পৰা আফগানিস্তানৰ বিভিন্ন চহৰত প্ৰায়ে বোমা বিস্ফোৰণ সংঘটিত হোৱা দেখিবলৈ পোৱা গৈ আছে।

    স্থানীয় ইছলামিক ষ্টেট গোটে এইধৰণৰ বিস্ফোৰণ সংঘটিত কৰি আহিছে বুলি সন্দেহ প্ৰকাশ কৰিছে তালিবান নেতৃত্বাধীন চৰকাৰে।

    উল্লেখ্য যে বৃহস্পতিবাৰেও কাবুলত এক বিস্ফোৰণ সংঘটিত হৈছিল য’ত তিনিজন লোক নিহত হোৱাৰ লগতে ১৩ জন আহত হয়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং