‘I Like Your T-shirt’, লকডাউনৰ মাজতেই অভি আৰু আদিৰ এক ব্যতিক্ৰমী সম্পৰ্ক!

0
273

কাৰোবাক হিয়া উজাৰি ভাল পাবলৈ বিশেষ কাৰণ নালাগে। এটা টি-ছাৰ্টৰ প্ৰেমত পৰিও আজীৱন ভাল পোৱাৰ প্ৰতিশ্ৰুতিৰে সজাই তুলিব পাৰে বিশেষজনৰ জীৱন। এনেকৈয়ে আৰম্ভ হৈছিল আদি আৰু অভিৰ প্ৰেম।

অভিৰ প্ৰত্যেকদিনাৰ প্ৰশ্নত আদিয়ে হাঁহি কৈছিল ‘I Like Your T-shirt। ভাল পাবলৈ জানো কিবা কাৰণ লাগে!’

আপোনাৰ মোৰ সকলোৰে পৰিচিত এই কাহিনী। লকডাউনৰ মাজতেই সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চা লাভ কৰিছিল ‘I Like Your T-shirt’ শীৰ্ষক নামৰ চুটি ছৱিখনে। লকডাউনৰ আমনিৰ মাজতেই দৰ্শকৰ দৃষ্টি নিক্ষেপ কৰিবলৈ সক্ষম হৈছিল যুৱ প্ৰজন্মৰ উদীয়মান চিত্ৰ পৰিচালক প্ৰাঞ্জল গয়াৰীৰ দ্বাৰা নিৰ্মিত এই বিশেষ চুটি ছৱিখনে।

হাফ মুন ফিল্মছ্ প্ৰডাকশ্যনে নিৰ্মাণ কৰা ছবিখনত অভিনয় কৰিছে ‘পাগল প্ৰেমিক’ খ্যাত কমল লোচন আৰু শ্ৰেষ্ঠা বি চৌধুৰীয়ে। ইউটিউবত ১.৪ মিলিয়ন ভিওৱাৰছেৰে সমাদৰ লাভ কৰা চুটি ছৱিখনে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে।

ছৱিখনৰ পৰিচালক প্ৰাঞ্জল গয়াৰীয়ে Time 8ক কয়-“I Like Your T-shirt ৰ গোটেই কনচেপ্টটো বিশেষ এটা বাক্যৰ পৰা লোৱা হৈছিল। যদিও এই বাক্যটো মোক মোৰ বিশেষ কোনোবাই কৈছিল ছৱিখনৰ ষ্টৰীটো সম্পূৰ্ণ কাল্পনিক। মোৰ মুক্তিপাবলগীয়া ‘শ্লেমবুক’ নামৰ ফিচাৰ ফিল্মখনৰ শ্বুটৰ বাবে অসমলৈ আহিছিলো। কিন্তু লকডাউনৰ বাবে আমি কাম শেষ কৰিব নোৱাৰাত লকডাউনৰ সময়খিনিৰ সঠিক উপযোগৰ উদ্দ্যেশ্যে আমি দুখন ছুটি ছৱিৰ কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছিলো। ইয়াৰ পূৰ্বেও মই ’48’ নামৰ এখন ছুটি ছৱি মুক্তি দিছিলো। তাৰ পৰৱৰ্তী সময়ত আমি I Like Your T-shirt ৰ পৰিকল্পনা কৰিছিলো। কিন্তু দৰ্শকৰ এনে অভূতপূৰ্ব সহাৰি লাভ কৰিম বুলি ভবা নাছিলো।’

সম্প্ৰতি প্ৰাঞ্জলৰ মুক্তি পাবলগীয়াল ‘ছৰী’ শীৰ্ষক ছৱিনৰ টীজাৰ মুকলি কৰাৰ লগে লগেই দৰ্শকৰপৰা যথেষ্ট সহাৰি লাভ কৰিছে। উল্লেখ্য যে ‘ছৰী’ শীৰ্ষক ছৱিখনত ‘মিছন চাইনা’ৰ এক দীঘলীয়া বিৰতিৰ পাছত জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাক পুলিচৰ ৰূপতে দেখা পাব দৰ্শকে।

ছৰী সন্দৰ্ভত প্ৰাঞ্জলে Time 8ক কয়- ‘ছৰীক লৈ আমি পূৰ্বতকৈ বেছি আশা কৰিছো।মোক সাধাৰণতে দৰ্শকে ৰোমাণ্টিক পৰিচালক বুলি জানে কিন্তু এইবাৰ ৰোমাঞ্চিত অথবা শিহৰণকাৰী ষ্টৰীলৈ দৰ্শকক বেলেগ আমোদ দিবলৈ চেষ্টা কৰিছো। ছৰী খন হৈছে এটা এঘণ্টাৰ ঘটনা, য’ত আইন আৰু বৰ্তমান পৰিস্থিতিৰ বাস্তৱিক ৰূপ এটা প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছো ।’