
আপোনাৰো অনবৰতে হামি আহি থাকে নেকি? তেন্তে সাৱধান হওক! এইবোৰ মাৰাত্মক ৰোগৰ লক্ষণ হ’ব পাৰে…
দিনটোত প্ৰায় একেৰাহে হামি আহি থাকে নেকি? টোপনি ধৰিলে বা অধিক ভাগৰুৱা অনুভৱ কৰিলে হামি অহাতো স্বাভাৱিক। কিন্তু অত্যাধিক হামি আহিলে আপুনি সাৱধান হ’ব লাগিব। ইয়াৰ আঁৰত কেইবাটাও কাৰণ থাকিব পাৰে। আমাৰ সচঁৰাচৰ সমস্যাবোৰৰ বাহিৰেও, ইয়াৰ আঁৰত কেইবাটাও বিপদজনক ৰোগ লুকাই আছে।
মস্তিষ্কৰ টিউমাৰৰ এটা লক্ষণ হ’ব পাৰে অত্যাধিক হামি আহি থকাতো। গোটেই দিনটো ভাল টোপনি পোৱাৰ পিছতো যদি আপোনাৰ হামি আহি থাকে তেন্তে সাৱধান হওক। ডাক্তৰৰ পৰামৰ্শ লওক।
মৃগীৰোগৰ এটা লক্ষণ হৈছে অনবৰতে হামি অহাটো। গতিকে চিকিৎসকৰ পৰামৰ্শ লওক। হৃদজনিত সমস্যা প্ৰায়ে নীৰৱে হয়। হঠাতে হামি আহি থাকিলে সাৱধান হ’ব। হৃদযন্ত্ৰৰ আক্ৰমণো এটা লক্ষণ হ’ব পাৰে।
স্ক্লেৰোচি হ’লে নিৰন্তৰ হামি আহি থকাৰ প্ৰৱণতা থাকে । যকৃত বিকল হোৱাৰ অৰ্থ হৈছে জীৱনৰ বাবে বিপদজনক। কিন্তু আপুনি জানেনে যে গোটেই দিনটো অনবৰতে হামি আহিটো যকৃতৰ কাৰ্যক্ষমতা হ্ৰাস পোৱাৰ লক্ষণ হ’ব পাৰে ।
সেয়ে অনবৰতে আহি থকা হামিৰ কাৰণে পলম নকৰি যিমান পাৰে সোনকালে চিকিৎসকৰ পৰামৰ্শ লওক, নহলে ই আপোনাৰ কাৰণে অতি বিপদজনক হ’ব পাৰে।