
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সকলো ধৰণৰ পৰীক্ষা বাতিল। ডিচেম্বৰৰ ১০ তাৰিখে হ’ব লগীয়া পৰীক্ষা সমুহ পিছুৱাই দিয়া হৈছে। কলা-আইন-বিজ্ঞানৰ স্নাতক, স্নাতকোত্তৰ, আইন আদিৰ লগতে সকলো ধৰণৰ বৃত্তিমূলক পৰীক্ষা বতিল। নিৰিক্ষক পি. কে কাকতীৰ স্বাক্ষৰ সম্বলিত এক বাৰ্তা যোগে এই বাতৰি প্ৰকাশ।
পিছে পৰীক্ষা বাতিলৰ প্ৰকৃত কাৰণ উল্লেখ কৰা নাই সেই বাৰ্তাত। পৰৱৰ্তী পৰীক্ষাৰ সময় পিছলৈ নতুনকৈ প্ৰকাশ কৰা হ’ব বুলি জনায় বাৰ্তা যোগে। উল্লেখ্য যে ইতিমধ্যে গুৱহাটী বিশ্ববিদ্যালয়ৰো পৰীক্ষা বাতিল কৰা হৈছে কোনো বিশেষ কাৰণত।