19 C
Guwahati
Monday, December 6, 2021
More

    মৰিগাঁৱত পৰীক্ষাৰ পূৰ্বেই মোবাইলে মোবাইলে ভাইৰেল হৈ পৰিল পৰীক্ষাৰ প্ৰশ্নকাকত

    মৰিগাঁও জিলাত নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীৰ মোবাইলে মোবাইলে পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল হোৱাক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে।

    জানিব পৰা মতে, আজি নৱম আৰু দশম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষা আছিল কিন্তু শিক্ষা বিভাগৰ চৰম গাফিলতিৰ বাবে পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে ছাত্ৰ-ছাত্ৰী সকলৰ মোবাইলত পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল হৈ পৰে।

    ক’ৰ পৰা কেনেদৰে পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল হৈ পৰিল সেই বিষয়ে এতিয়ালৈ স্পষ্টকৈ জানিব পৰা হোৱা নাই যদিও মৰিগাঁও শিক্ষা বিভাগে ইয়াৰ তদন্ত আৰম্ভ কৰিছে।

    পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বেই এইদৰে মোবাইলে মোবাইলে পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল হৈ পৰা ঘটনাই এতিয়া শিক্ষা বিভাগৰ ব্যৰ্থতাকে উদঙাই দিছে বুলি একাংশ লোকে মন্তব্য কৰিছে।

    ইনপুট- কিশোৰ ডেকাৰজা

    আৰু পঢ়ক : ৬ বছৰীয়া শিশুক বিহ দিয়াৰ পিছত ১৩০ বাৰ ৰডেৰে আক্ৰমণ! কিয় পিতৃয়ে নৃশংসভাৱে হত্যা কৰিলে সন্তানক?

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং