ৰাছিয়াৰ প্ৰাক্তন মন্ত্ৰীক ভাৰতীয় বিমানবন্দৰত গ্ৰেপ্তাৰ CISF-ৰ

0
252

দেওবাৰে সন্ধিয়া ডেৰাডুন বিমানবন্দৰত পৰ্যাপ্ত নথি-পত্ৰ নথকা এটা চেটেলাইট ফোন ব্যৱহাৰ কৰাৰ অভিযোগত ৰাছিয়াৰ এগৰাকী প্ৰাক্তন মন্ত্ৰীক গ্ৰেপ্তাৰ কৰা হয়।

উল্লেখ্য যে, অনুমোদন অবিহনে বিমানবন্দৰ বা বিমানত চেটেলাইট ফোন ব্যৱহাৰ কৰিব নোৱাৰে।

৬৪ বছৰীয়া ভিক্টৰ চেমেনোভ ১৯৯৮ চনৰ পৰা ১৯৯৯ চনৰ ভিতৰত ৰাছিয়াৰ কৃষি আৰু খাদ্য মন্ত্ৰী আছিল।

জানিব পৰা মতে, দেওবাৰে বিয়লি ৪.২০ বজাত বিমানবন্দৰৰ নিৰাপত্তাত নিয়োজিত কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ জোৱান চমুকৈ চি আই এছ এফে তেওঁক গ্ৰেপ্তাৰ কৰে।

ৰাছিয়াৰ মস্কোত বাস কৰা চেমেনোভে ইণ্ডিগো বিমানেৰে দিল্লীলৈ আহিবলগীয়া আছিল। তেওঁ চেটেলাইট ফোনৰ কোনো বৈধ নথি দাখিল কৰিব পৰা নাছিল।

আৰক্ষীয়ে দাখিল কৰা এফ আই আৰ অনুসৰি ৰাছিয়াৰ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ জৰুৰীকালীন সময়ত ব্যক্তিগত ব্যৱহাৰৰ বাবে চেটেলাইট ফোনটো ৰাখিছিল।