“ৰাহুল গান্ধী অবিবাহিত কাৰণে ছোৱালী মহাবিদ্যালয়সমূহলৈ যায়”- প্ৰাক্তন সাংসদৰ অভিযোগ

0
1717

“ৰাহুল গান্ধী অবিবাহিত কাৰণে ছোৱালী মহাবিদ্যালয়সমূহলৈ যায়”- প্ৰাক্তন সাংসদৰ অভিযোগ

দেশজুৰি নিৰ্বাচনী গৰম বতাহ। ইয়াৰ মাজতে ইজনে সিজনৰ গাত বোকা ছটিওৱা ৰাজনীতিয়ে নিৰ্বাচনৰ প্ৰেক্ষাপট যথেষ্ট আকৰ্ষণীয় কৰি তুলিছে।

নিৰ্বাচনী প্ৰচাৰৰ বাবে ষ্টাৰ কেম্পেইনাৰসকলে দেশৰ ৫ খন ৰাজ্যত সঘনাই আহ জাহ কৰিছে।

শেহতীয়াকৈ কেৰেলাৰ প্ৰাক্তন সাংসদ জাঁয়স জৰ্জে ৰাহুল গান্ধীৰ সন্দৰ্ভত অশ্লীল ইংগিত দি কয় যে-“ৰাহুল গান্ধী অবিবাহিত কাৰণে কেৱল ছোৱালী মহাবিদ্যালয়সমূহলৈ যায়। ৰাহুল গান্ধীয়ে ছোৱালীবোৰক হালি যাবলৈ শিকাই। কিন্তু মই শিশুসকলক কওঁ যে ৰাহুল গান্ধীৰ সন্মুখত থিয় হৈ থাকিব। ৰাহুল গান্ধী বিবাহিত নহয় সেইবাবে এনেধৰণৰ অনুষ্ঠানসমূহলৈ যায়।”

দৰাচলতে ছেইণ্ট টেৰেছা মহাবিদ্যালয়ত এগৰাকী ছাত্ৰীৰ অনুৰোধ ৰক্ষা কৰি ৰাহুল গান্ধীয়ে অকিডো শিকাইছিল।

আৰু পঢ়ক : আলুখুন্দাত নিৰ্বাচনী প্ৰচাৰ হাগ্ৰামা মহিলাৰীৰ! বিপিএফে ১২খন আসনতে জয়ী হোৱাৰ দাবী…