পুনৰ সক্ৰিয় ৰাজনীতিলৈ অগপৰ প্ৰাক্তন বিধায়কঃ অসম জাতীয় পৰিষদত যোগদান

0
124

পুনৰ সক্ৰিয় ৰাজনীতিলৈ উভতিছে অসম গণ পৰিষদৰ প্ৰাক্তন বিধায়ক অনুপ ফুকন। অসম জাতীয় পৰিষদত যোগদান টিংখাঙৰ প্ৰাক্তন বিধায়ক তথা অৱসৰপ্ৰাপ্ত অধ্যাপক গৰাকীৰ।

“অসমত জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ প্ৰয়োজন আছে আৰু সদায় থাকিব। অসম গণ পৰিষদে এতিয়া বীজেপিত সম্পূৰ্ণৰূপে লীন হৈ গৈছে।ৰাজনীতি জনসাধাৰণৰ কৰা কাম কাজ। মই দলটো আগুৱাই নিম, নিৰ্বাচন খেলাৰ কথা এতিয়ালৈ মই ভৱা নাই। “

বিগত ২০১৬ বৰ্ষৰ বিধান সভা নিৰ্বাচনত অসম গণ পৰিষদ দলে ৰাষ্ট্ৰীয় দল ভাৰতীয় জনতা পাৰ্টীৰ সৈতে মিত্ৰতা স্থাপন কৰাৰ তীব্ৰ বিৰুধিতা কৰিছিল অগপৰ প্ৰাক্তন বিধায়ক তথা অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি অনুপ ফুকনে। তেতিয়াই অগপৰ জেষ্ঠ নেতা গৰাকীয়ে অসম গণ পৰিষদ দলৰ পৰা আঁতৰি আহিছিল।

বিগত পাঁচটা বছৰে নিজৰ স্থিতিত অটল থকা অনুপ ফুকনে শেহতীয়াকৈ পুনৰ সক্ৰিয় ৰাজনীতিলৈ ঘুৰি আহিছে। জাতীয় চিন্তা চেতনাৰে নতুনকৈ গঠন হোৱা আঞ্চলিক দল অসম জাতীয় পৰিষদত যোগদান কৰে প্ৰাক্তন বিধায়ক গৰাকীয়ে।

দলটোত যোগদান কৰিয়েই ৰাজ্যিক আহ্বায়কৰ দায়িত্ব লাভ কৰি দলটোক আগুৱাই নিয়াৰ লগতে সাম্প্ৰদায়িক তথা স্বেচ্ছাচাৰী শক্তিৰ বিৰুদ্ধে সদায় মাত মাতি যাব বুলি দাবী কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে।