
ডাউনটাউন হাস্পতালত চিকিৎসাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত সম্পত্তি সুস্থ হৈ উঠিছে। এই কথা সদৰি কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই। অৱশ্যে বৰ্তমানো হাস্পতালতে আছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।
তেওঁক চিকিৎসকৰ এটা দলে প্ৰতিমুহূৰ্ততে নিৰীক্ষণত ৰাখিছে। ”বৰ্তমান তেখেত চিকিৎসকৰ তত্বাৱধানত আছে। বৰ্তমান আইচিইউত ৰখা হৈছে। অৱশ্যে বৰ্তমান তেওঁ ভগৱানৰ কৃপাত ভালে-কুশলে আছে। অতি সোনকালে তেওঁ সুস্থ হৈ উঠিব।” চিকিৎসালয় কৰ্তৃপক্ষই এনেদৰে কয়।
ইফালে শনিবাৰে অগপৰ সভাপতি অতুল বৰাৰ লগতে আন কেবাগৰাকী নেতাই তেখেতক সাক্ষাৎ কৰিবলৈ যায়। অৱশ্যে চিকিৎসকৰ অনুমতি লাভ নকৰাৰ বাবে তেওঁলোকে কৰ্তৃপক্ষৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ খবৰ লৈ উভতি আহে।