29 C
Guwahati
Tuesday, April 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    আজি ৰ’জ ডেঃ আপুনি আপোনাৰ প্ৰিয়জনক এপাহি গোলাপ দিলেনে! তেন্তে পঢ়ক এই প্ৰতিবেদন

    আজি ৰ’জ ডেঃ আপুনি আপোনাৰ প্ৰিয়জনক এপাহি গোলাপ দিলেনে! তেন্তে পঢ়ক এই প্ৰতিবেদন :-

    প্ৰেম এক স্বৰ্গীয় অনুভূতি। আজি ৰ’জ ডে। ফেব্ৰুৱাৰী মাহটোত প্ৰেমৰ বাবে বিশেষ মাহ বুলি কোৱা হয়।
    ভেলেণ্টাইন ডেৰ পূৰ্বে ৭ ফেব্ৰুৱাৰীৰ পৰা বিশেষ প্ৰেম সপ্তাহ পালন কৰা হয়। ৰ’জ ডেত কেৱল প্ৰেমিক প্ৰেমিকাই নহয় বন্ধু-বান্ধৱী তথা পিতৃ মাতৃকো এপাহি গোলাপ ফুলেৰে মৰম নিবেদন কৰে।

    গোলাপ ফুল বিভিন্ন ৰঙৰ আছে। সেইদৰে প্ৰত্যেক ৰঙৰ গোলাপ ফুলৰ নিজা বিশেষত্ব আছে। আহক আমি আজি জানো আজিৰ বিশেষ দিনটোত কি কি ৰঙৰ গোলাপ ফুলেৰে আপোনাৰ প্ৰিয়জনৰ মুখত হাঁহি বিৰিঙাব।

    ৰঙা গোলাপ ফুল প্ৰেমৰ প্ৰতীক। আমি ভাল পোৱাগৰাকীক অথবা প্ৰেম নিবেদন কৰিবলৈ ৰঙা গোলাপ ব্যৱহাৰ কৰো।

    হালধীয়া গোলাপস ফুল বন্ধুত্ব, জয় আৰু নতুন আৰম্ভনিৰ প্ৰতীক। আপুনি আপোনাৰ প্ৰিয় বন্ধু তথা নিজৰ নতুনকৈ বন্ধুত্ব কৰিব বিচৰাগৰাকীক হালধীয়া গোলাপ ফুল দিব পাৰে।

    গোলাপীয়া গোলাপ ফুল আনন্দ , নম্ৰতা আৰু সন্মানৰ প্ৰতীক। আপুনি কোনো লোকক সন্মান কৰিলে অথবা কাৰোবাৰ ব্যক্তিত্বৰ প্ৰতি আকৰ্ষিত হ’লে এই গোলপীয়া গোলাপ দিব পাৰে।

    কমলা ৰঙৰ গোলাপ ফুলে শক্তি তথা প্ৰেৰণা বুজাই। আপুনি কোনো লোকৰ পৰা অনুপ্ৰেৰিত হ’লে এই ৰঙৰু ফুল দিব পাৰে।

    বগা ৰঙৰ গোলাপ ফুল পবিত্ৰতা, শান্তিৰ প্ৰতীক হ’ব পাৰে। কাৰোবাক ভুলৰ ক্ষমা খুজিবলৈ তথা নতুন আৰম্ভণিৰ বাবে এই ফুল প্ৰদান কৰিব পাৰে।

    বেধুনীয়া ৰঙৰ গোলাপ আকৰ্ষণ বুজাই। কাৰোবাক প্ৰথম দেখোতেই আকৰ্ষিত হ’লে এই ৰঙৰ গোলাপ ফুল দিব পাৰে।

    ক’লা ৰঙৰ গোলাপ ফুলত পোৱাটো তেনেই কঠিন। এই গোলাপ ফুলে শত্ৰুতা বুজাই।

    আৰু পঢ়ক : উত্তৰাখণ্ডত পুনৰ প্ৰকৃতিৰ ধ্বংসলীলা; হিমবাহ ভাঙি বানৰ তাণ্ডৱ, ১০০ৰো ওপৰ লোক অন্তৰ্ধান

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং