
পশ্চিমবংগত বসবাস কৰা সকলো বাংলদেশীয়ে ভাৰতীয় নাগৰিক। বাংলাদেশৰ পৰা সকলো লোকে ভাৰতত ভোটাধিকাৰ সাব্যস্ত কৰে। সেয়ে বাংলাদেশৰ পৰা অহা লোকসকল ভাৰতীয় নাগৰিক। এইসকল লোকে ভাৰতীয় নাগৰিকতাৰ বাবে আবেদন কৰাৰ প্ৰয়োজন নাই। এই চাঞ্চল্যকৰ মন্তব্য আগবঢ়াই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। তৃণমূল কংগ্ৰেছৰ এক অনুষ্ঠানত এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীৰ।
মমতাৰ ভাষ্য পশ্চিমবংগক দ্বিতীয়খন দিল্লী বা উত্তৰ প্ৰদেশ হ’বলৈ দিয়া নহ’ব। পশ্চিমবংগৰ পৰা এজনো লোকক যাবলৈ দিয়া নব’হ। যিয়ে নিজৰ বহুমূলীয়া ভোট দি প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী নিৰ্বাচন কৰে সেইসকল লোক কিদৰে বিদেশী হ’ব পাৰে। তেওঁলোক নিতান্তই ভাৰতীয় লোক।
মঙলবাৰে কালিয়াগঞ্জৰ এক সভাত এই মন্তব্য মমতা বেনাৰ্জীৰ। লগতে ইয়াকো কয় যে কোনো শৰনাৰ্থী কে নাগৰিকতাৰ পৰা বঞ্চিত কৰা নহ’ব।
Photo Credit: India Today