গুৱাহাটী পৌৰ নিগনৰ নতুন নিয়ম ! ৰাজপথত চাইকেল চলালেও চৰকাৰক দিব লাগিব কৰ

0
193

গুৱাহাটী পৌৰ নিগনৰ নতুন নিয়ম ! ৰাজপথত চাইকেল চলালেও চৰকাৰক দিব লাগিব কৰ

এতিয়াৰে পৰা গুৱাহাটীৰ ৰাজপথত চাইকেল চলালে আপুনিও চৰকাৰক দিব লাগিব বছৰেকীয়া কৰ। ইয়াৰ লগতে গুৱাহাটীত বন্ধ হ’বলৈ গৈ আছে মটৰ ৰিক্সা। চাইকেলৰ লগতে ঠেলা-ৰিক্সা চালকেও এতিয়াৰ পৰা চৰকাৰক বছৰেকীয়া কৰ দিব লাগিব।

চাইকেল চলোৱা লোক সকলে চৰকাৰক ১০ টকা আৰু বিক্সা চালক সকলে ৪০ টকা দিব লাগিব। কিছুদিন পূৰ্বে থলোৱা খাদ্যত কৰ লগোৱাৰ পিছত এইবাৰ চাইকেল আৰু ৰিক্সা চালকে চৰকাৰক কৰ দিব লাগিব।

শীঘ্ৰেই ৰাজধানী চহৰ গুৱাহাটীত প্ৰযোজ্য হ’ব এই নিয়ম। এই ক্ষেত্ৰেত মেয়ৰ মৃগেন শৰনীয়াই কয় যে ‘ লঘু যান-বাহনৰ ক্ষেত্ৰত যিটো মাছুল আছিলে সেই মাছুল আমি পুনৰ সংগ্ৰহ কৰিবলৈ সিদ্ধান্ত লৈছো।

ইতিমধ্যে gmc এ ইয়াক লৈ গাইড লাইন প্ৰস্তুত কৰিছে। ইয়াৰ পিছতেই এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।