28 C
Guwahati
Friday, September 17, 2021
More

    শতিকাৰ ভয়ংকৰ বানৰ তাণ্ডৱ- বৰ্তমানলৈ ৯০ ৰো অধিক লোকৰ মৃত্যু

    ১০০ বছৰৰ মূৰকত অতিকে ভয়ংকৰ বানৰ কবলত পৰিছে জাৰ্মানী আৰু বেলজিয়াম। তাণ্ডৱ চলাইছে বানপানীয়ে। সম্পূৰ্ণ তচনচ হৈ পৰিছে বাট পথ।

    এই ভয়ংকৰ বানৰ কবলত পৰি বৰ্তমানলৈ মৃত্যু ঘটিছে ৯০ ৰো অধিক লোকৰ। বহু লোক সন্ধানহীন।

    বৰ্তমানেও বানৰ তাণ্ডৱ অব্যাহত আছে জাৰ্মানী আৰু বেলজিয়ামত। জাৰ্মানীৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ প্ৰৱক্তাই জনাইছে যে, এনে ভয়ংকৰ বানৰ তাণ্ডৱ প্ৰায় ১০০ বছৰৰ মূৰকত দেখিবলৈ পোৱা গৈছে।

    সকলো নদী পানীৰে উফন্দি উঠিছে। পাৰ ভাঙি আহিছে পানী। জাৰ্মানীত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে বানে।

    বহু লোকে নিজৰ নিজৰ ঘৰ এৰি সুৰক্ষিত স্থানলৈ ঢাপলি মেলিছে।

    জলবায়ু পৰিৱৰ্তনেই ইয়াৰ মূল কাৰণ বুলি জানিব পৰা গৈছে। চাৰিওফালে উদ্ধাৰকাৰী দলে অহৰহ নিজৰ কৰ্তব্য কৰি গৈছে।

    আৰু পঢ়ক : উচ্চতম ন্যায়ালয়ৰ বিধি মানি সুৰাৰ হোম ডেলিভাৰী কৰা হৈছে, কংগ্ৰেছৰ কথা নুশুনো: পিযুষ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং