
ধাৰাবাহিক বন্ধৰ অন্তত শুকুৰবাৰৰ পৰাহে সম্পূৰ্ণৰূপে ধেমাজি চহৰৰ পৰিবেশ স্বাভাৱিক হৈ পৰিছে ৷ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰলৈ ওলাই আহিছে সাধাৰণ ৰাইজ ৷
আলুৰ প্ৰতি কেজিত ৩৫ টকাৰ পৰা ৪০ টকা ,পিঁয়াজৰ প্ৰতি কেজিত ১২০ টকাৰ পৰা ১৫০ টকা, মচুৰ দাইলৰ প্ৰতি কেজিত ৬৫ টকাৰ পৰা ৯০ টকা, মিঠাতেল প্ৰতি লিটাৰ ৯০ টকাৰ পৰা ১২০ টকা, কণীৰ প্ৰতি প্লেটত ২০০ টকাৰ পৰা ২২০ টকা আদি ৷
ইফালে পাইকাৰী ব্যৱসায়ীক নাকী লগাব পৰা নাই যোগান বিভাগে ৷ ধেমাজি বজাৰৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী দামে কোঙা কৰিছে সাধাৰণ গ্ৰাহকক৷
Input : Jayanta Bora