31 C
Guwahati
Thursday, August 4, 2022
More

    ইংৰাজী শিক্ষাই অসমীয়া ভাষাৰ ক্ষতি নকৰে, বৰং উপকৃতহে কৰিব : ৰণোজ পেগু

    ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমূহত বিজ্ঞান আৰু গণিত বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়োৱা হ’ব বুলি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটে লোৱা সিদ্ধান্তক কেন্দ্ৰ কৰি দল-সংগঠন তথা সচেতন নাগৰিকৰ মাজত ক্ষোভ অসন্তুষ্টি বৃদ্ধি পোৱাৰ সময়তে শিক্ষা মন্ত্ৰী ড০ ৰণোজ পেগুৰ তৰফৰ পৰা আহিছে গুৰুত্বপূৰ্ণ মন্তব্য।

    তৃতীয় শ্ৰেণীৰ পৰা অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী শিক্ষাই শিক্ষাৰ্থীসকলক লাভান্নিত কৰিব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

    তেওঁ কয়, ‘এই ব্যৱস্থাই অসমীয়া ভাষাৰ কোনো ক্ষতি নকৰে। বৰং ইয়ে উপকৃতহে কৰিব অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহক। অসমীয়া মাধ্যমৰ কোনো বিদ্যালয় বন্ধ নহয়’।

    কিছুমানে নতুন শিক্ষা ব্যৱস্থাক লৈ আতংকৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি মন্ত্ৰী পেগুৱে ৰাজ্যৰ দল-সংগঠনক আলোচনাৰ বাবে আহিবলৈ আহ্বান জনায়।

    ধেমাজি সমষ্টিত এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ উদাহৰণ দি মন্ত্ৰীগৰাকীয়ে কয়, ‘বিদ্যালয়খনত আসনৰ সংখ্যা ১০০ কিন্তু আবেদনৰ সংখ্যা ২০০০। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে ইংৰাজী মাধ্যমৰ প্ৰতি থকা মানুহৰ আগ্ৰহ’।

    আনহাতে অসমীয়া ভাষাত চিকিৎসা শিক্ষা সম্ভৱপৰ বুলি মন্তব্য কৰি ইয়াৰ বাবে বিশেষজ্ঞ সকলে শব্দৰ সংগ্ৰহৰ কাম কৰি আছে বুলি কয় পেগুৱে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং