সংকটত ইংলেণ্ড দল! পাকিস্তানত অজ্ঞাত ভাইৰাছত আক্ৰান্ত ষ্টোকছসহ ১৪ গৰাকী সদস্য

0
5650
প্ৰতিনিধিত্বমূলক চিত্ৰ

১ ডিচেম্বৰৰ পৰা পাকিস্তান আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব টেষ্ট শৃংখলা। ইয়াৰ বাবে ইংলেণ্ড ক্ৰিকেট দলটো ইতিমধ্যেই উপস্থিত হৈছে পাকিস্তানত। কিন্তু শৃংখলা আৰম্ভৰ পূৰ্বে ইংলেণ্ড দলত দেখা দিছে সংকটে।

অধিনায়ক বেন ষ্ট’কছকে ধৰি দলটোৰ ১৪ জন সদস্য অজ্ঞাত ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৰাৱালপিণ্ডিত অনুষ্ঠিত হ’বলগীয়া টেষ্ট মেচখনৰ পূৰ্বে ইংলেণ্ডৰ খেলুৱৈসকল আক্ৰান্ত হৈছে আৰু এতিয়া তেওঁলোকক জিৰণি ল’বলৈ কোৱা হৈছে।

খেলুৱৈ সংক্ৰমিত হোৱাটো ইংলেণ্ডৰ বাবে এটা বেয়া খবৰ। এই সন্দৰ্ভত বিবিচিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি আক্ৰান্ত ১৪ জন লোকৰ আধা সংখ্যক ষ্টাফ আৰু আধা খেলুৱৈ।

এই সকলো খেলুৱৈ আৰু সদস্যক হোটেলত জিৰণি ল’বলৈ পৰামৰ্শ দিয়া হৈছে। খবৰ অনুসৰি অধিনায়ক বেন ষ্টোকছো এই অজ্ঞাত ভাইৰাছৰ কৱলত পৰিছে।

ইফালে আন এক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ইংলেণ্ড দলটোৰ পৰিস্থিতি ইমানেই বেয়া যে মেচখনৰ এদিন পূৰ্বে হোৱা অনুশীলনত মাত্ৰ পাঁচগৰাকী খেলুৱৈহে অংশ লয়।

অজ্ঞাত ভাইৰাছৰ কৱলত পৰাৰ বাবে অধিকাংশ খেলুৱৈয়ে অনুশীলনত অংশ ল’ব নোৱাৰিলে। এই ভাইৰাছবিধ কৰ’ণা নে আন কিবা তাৰ অনুসন্ধান চলি আছে।

উল্লেখ্য যে, ইংলেণ্ড আৰু পাকিস্তানৰ মাজত হ’বলগীয়া তিনিখনীয়া টেষ্ট মেচৰ শৃংখলাৰ প্ৰথমখন মেচ ১ ডিচেম্বৰৰ পৰা ৰাৱালপিণ্ডিত অনুষ্ঠিত হ’ব।