28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    আই পি এল খেলা ইংলেণ্ডৰ খেলুৱৈক সুযোগ নিদিয়ে আগন্তুক টেষ্ট শৃংখলাত!

    আই পি এলত অংশ লোৱা ইংলেণ্ডৰ অধিকাংশ খেলুৱৈ নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে দলত স্থান লাভ নকৰিব। অনুশীলন নকৰাকৈয়ে চিধা-চিধি আইছ’লেশ্যনৰ পৰা অহা ক্ৰিকেটাৰ কেইগৰাকীক দলত সুযোগ দিয়াৰ পক্ষত নাই ব’ৰ্ড।

    এই সিদ্ধান্ত অনুসৰি জছ বাটলাৰ, জনি বেয়াৰ্ষ্ট’, ক্ৰিছ ৱকছ, চেম কাৰেন আৰু মঈন আলীৰ দৰে ক্ৰিকেটাৰে ২ জুনৰ পৰা আৰম্ভ হ’বলগীয়া ২ দুখন টেষ্টৰ শৃংখলাত ভাগ ল’ব নোৱাৰিব।

    ‍বিবিচি স্প’ৰ্টছ অনুসৰি, ‘আই পি এল খেলুৱৈৰ বাবে সময় বহুত কম আছে। সেয়ে অ’লি ৰবিনছন, ক্ৰেগ অ’ভৰটন আৰু জেমছ ব্ৰাছেৰ দৰে খেলুৱৈয়ে সুযোগ পোৱাৰ সম্ভাৱনা আছে’।

    ইংলেণ্ড পুৰুষ ক্ৰিকেটৰ বিষয়া এছলে জাইলছে কৈছিল যে আই পি এল খেলি উভতি অহা খেলুৱৈসকলে নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত সুযোগ পোৱাৰ সম্ভাৱনা খুব কঠিন।

    উল্লেখ্য যে আই পি এলত ইংলেণ্ডৰ ১১ গৰাকী খেলুৱৈয়ে বিভিন্ন দলৰ হৈ অংশ লৈছিল।

    আৰু পঢ়ক : ডিব্ৰুগড়-তিনিচুকীয়াত সান্ধ্য আইনৰ সময় ২ ঘণ্টা আগুৱাই দিয়াৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ- গুৱহাটীতো নেকি?

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং