ভয়ংকৰ পথ দুৰ্ঘটনা ! দ’খাৱৈত পৰিল অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক কঢ়িয়াই নিয়া বাছ , নিহত এজন

0
2106
প্ৰতিনিধিত্বমূলক ছবি

ভয়ংকৰ পথ দুৰ্ঘটনা ! দ’খাৱৈত পৰিল অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক কঢ়িয়াই নিয়া বাছ , নিহত এজন

বছৰৰ প্ৰথমটো দিনাই এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে। অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক কঢ়িয়াই নিয়া এখন বাছ এটা খাৱৈত পৰি যায়। দুৰ্ঘটনাটোত এজন ছাত্ৰ নিহত হোৱাৰ লগতে ৪০ জন আহত হোৱা বুলি জানিব পৰা গৈছে।দুৰ্ঘটনাটো কেৰালাৰ ইডুক্কিত সংঘটিত হৈছে।

শনিবাৰে নিশা প্ৰায় ১ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়।জানিব পৰা মতে তিৰুৱন্তপুৰমৰ পৰা ৩২০ কিলোমিটাৰ দূৰত থকা ত্ৰিচুৰৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে যোৱা বছৰৰ শেষৰ ফালে শিক্ষামূলক ভ্ৰমণলৈ গৈছিল। বাছখনত বিদ্যালয়ৰ কৰ্মচাৰীৰ তিনিজন সদস্যৰ সৈতে ৪১ জন শিক্ষাৰ্থী আছিল।

ছাত্ৰ-ছাত্ৰীৰ দলটোৱে নতুন বছৰ উদযাপন কৰি আজি ঘৰলৈ উভতি আহি আছিল। সেই সময়তে বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ইডুক্কিৰ ওচৰৰ এটা খাৱৈত বাগৰি পৰে। দুৰ্ঘটনাটোৰ বিষয়ে তথ্য পোৱাৰ লগে লগে উদ্ধাৰকাৰী এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে।

উদ্ধাৰকাৰী দলটোৱে পুৱা প্ৰায় ৬ বজাত বাছখনৰ তলৰ পৰা এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰে।আনহাতে ১৫ জন শিক্ষাৰ্থীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জানিব পৰা মতে চালকজনৰ অৱহেলাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হৈছিল।

আৰক্ষীয়ে দিয়া তথ্য মতে দুৰ্ঘটনাটো সংঘটিত হোৱা অঞ্চলটোত নিশা গাড়ী চলোৱাৰ ওপৰত নিষেধাজ্ঞা আছে।কিন্তু অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে সেই পথটোৰেই নিশা শিক্ষামূলক ভ্ৰমণৰ পৰা উভতি আহি আছিল।