মইনা নায়ক কাণ্ডৰ পুনৰাবৃত্তি ! ফেক্টৰীৰ মেচিনত সোমাই কৰ্মচাৰীৰ মৃত্যু

0
1734

মইনা নায়ক কাণ্ডৰ পুনৰাবৃত্তি ! ফেক্টৰীৰ মেচিনত সোমাই কৰ্মচাৰীৰ মৃত্যু

ৰাজ্যত মইনা নায়ক কাণ্ডৰ পুনৰাবৃত্তি।মইনা নায়কৰ পিছত এইবাৰ ডিমা হাছাও জিলাৰ দৈয়াংমুখৰ এটা ফেক্টৰীত অঘটন সংঘটিত হৈছে ।বুধবাৰে ফেক্টৰীৰ মেচিনত সোমাই এজন কৰ্মচাৰীৰ থিতাতে নিহত হৈছে। কৰ্মৰত অৱস্থাত মেচিনত কৰ্মচাৰী গৰাকীৰ মুৰটো হঠাত সোমাই যায়। যাৰ ফলত থিতাতে তেওঁৰ মৃত্যু হয়।

নিহত কৰ্মচাৰীজনৰ নাম অশোক বৰশইকীয়া।অোক বৰশইকীয়াক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। অশোক বৰশইকীয়াৰ ঘৰ তিনিচুকীয়াৰ ফিল’বাৰীত বুলি জানিব পৰা গৈছে ।

ফেক্টৰীটোৰ কৰ্মচাৰী হোৱাৰ লগতে ফিল’বাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টাও আছিল অশোক বৰশইকীয়া। ঘটনা সন্দৰ্ভত দৈয়াংমুখ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।