ভাৰতক লৈ Tiktokৰ আৱেগিক টুইট- ‘We miss you india’

টিকটক যদিও ভাৰতত কেইবা মাহ পূৰ্বে নিষিদ্ধ ঘোষণা কৰা হৈছে, কিন্তু এতিয়াও কোম্পানী টুইটাৰত যথেষ্ট সক্ৰিয় হৈ আছে। তেওঁলোকে প্ৰতিদিনে টুইট কৰি নিজৰ অনুৰাগীসকলৰ মনোবল বৃদ্ধি কৰে

0
482

ভাৰতত পুনৰ শ্বৰ্ট ভিডিঅ’ এপ টিকটকৰ চৰ্চাই আলোড়নৰ সৃষ্টি কৰিছে।

জানিবলৈ দিয়া অনুসৰি কোম্পানী শীঘ্ৰে নতুন ৰূপত উভতি আহিব পাৰে। কিন্তু বৰ্তমানলৈ স্পষ্ট হোৱা নাই।

ইয়াৰ মাজতে টিক-টক ইণ্ডিয়াই শনিবাৰে দীপাৱলী উপলক্ষে সকলোকে শুভকামনা দি এটা আৱেগিক টুইট কৰে।

টিকটকৰ ব্যৱহাৰকাৰীসকলে আশা প্ৰকাশ কৰিছে যে শীঘ্ৰে তেওঁলোকৰ মন পচন্দৰ এপ উভতি আহিব।

টিকটক ইণ্ডিয়াই কৰিলে টুইট
টিকটক যদিও ভাৰতত কেইবা মাহ পূৰ্বে নিষিদ্ধ ঘোষণা কৰা হৈছে, কিন্তু এতিয়াও কোম্পানী টুইটাৰত যথেষ্ট সক্ৰিয় হৈ আছে।

তেওঁলোকে প্ৰতিদিনে টুইট কৰি নিজৰ অনুৰাগীসকলৰ মনোবল বৃদ্ধি কৰে।

দীপাৱলীত টিকটকে ইউজাৰ্চসকলক শুভকামনা দি লিখিলে- ‘আমি প্ৰতিটো দিনৰ বাবে চাকি জ্বলাইছো, যেতিয়া আমি ভাৰতক মনত পেলাও।

উল্লেখ্য যে কেন্দ্ৰ চৰকাৰে বিগত ২৯ জুনত টিকটকসহ ৫৯টা চীনৰ এপ নিষিদ্ধ ঘোষণা কৰিছিল।

Photo Credit: Google