‘মোৰ আদৰ্শ নাথুৰাম গডছে’; গুজৰাটৰ বিদ্যালয়ত অনুষ্ঠিত হোৱা বক্তৃতা প্ৰতিযোগিতাৰ বিষয়কলৈ তুমুল বিতৰ্ক

0
937
‘মোৰ আদৰ্শ নাথুৰাম গডছে’; গুজৰাটৰ বিদ্যালয়ত অনুষ্ঠিত হোৱা বক্তৃতা
Godse

গুজৰাটৰ ভালচাদ জিলাৰ এখন বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ মাজত “মোৰ আদৰ্শ নাথুৰাম গডছে” শীৰ্ষক বিষয়াৰ বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰাক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।

ভালচাদৰ কুসুম বিদ্যালয় নামৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ মাজত এই বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

নাথুৰামক আদৰ্শ হিচাপে অনুষ্ঠিত কৰা বৰ্ক্তৃতা প্ৰতিযোগিতাৰ পাছতে গুজৰাটত বিতৰ্কৰ সৃষ্টি হয় আৰু ঘটনা সন্দৰ্ভত প্ৰাথমিক তদন্তৰ অন্তত গুজৰাট চৰকাৰে ৰাজ্যখনৰ এজন উন্নয়ন বিষয়াক নিলম্বনৰ নিৰ্দেশ দিয়ে।

ভালচাদ জিলা উপায়ুক্ত ক্ষিপ্ৰা আগ্ৰেয়ে সংবাদ মাধ্যমৰ আগত উন্নয়ন বিষয়া নীতাবেন গাভলীক নিলম্বন কৰা বুলি জানিবলৈ দিয়ে।

ইপিনে, কুসুম বিদ্যালয়ত নাথুৰাম গডছেৰ প্ৰসংগৰে বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ কথা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে বিদ্যালয়খনৰ কৰ্তৃপক্ষই তেওঁলোকে বিদ্যালয়খনৰ চৌহদত এনেধৰণৰ বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ বিষয়ে অৱগত নহয় বুলি গা এৰা মন্তব্য কৰে।

শেহতীয়া তথ্য মতে, নিলম্বনৰ সন্মুখিন হোৱা বিষয়া গৰাকীয়ে উক্ত বিতৰ্কিত বিষয়টো বৰ্ক্তৃতা প্ৰতিযোগিতাৰ বাবে বাচনি কৰিছিল।

আনহাতে, জাতিৰ পিতা মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেক নিজৰ আদৰ্শ হিচাপে উপস্থাপনেৰে গুজৰাটত বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পাছতে কংগ্ৰেছে বিজেপিক আক্ৰমণৰ লক্ষ্য হিচাপে লৈছে।

আৰু পঢ়ক : ফুলৰ মালাৰে আদৰিবলৈ অহা লোকৰ হেচা-থেলাত মঞ্চতে পৰি গ’ল কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, ভিডিঅ’ ভাইৰেল