ৰাজ্যত বন্যহস্তীৰ কৰুণ মৃত্যু; তীব্ৰ বেগী ৰেলে প্ৰাণ কাঢ়ি নিলে খাদ্যৰ সন্ধানত ওলায় অহা বন্যহস্তীৰ

0
264

ৰাজ্যত বন্যহস্তীৰ কৰুণ মৃত্যু; তীব্ৰ বেগী ৰেলে প্ৰাণ কাঢ়ি নিলে খাদ্যৰ সন্ধানত ওলায় অহা বন্যহস্তীৰ

কামাখ্যা-যোগীঘোপা ৰে’ল লাইনেৰে দ্ৰুতগতিত অহা এখন ৰে’লৰ চেপাত যোৱা নিশা এটি বন্যহস্তীয়ে কৰুণ মৃত্যুক আকোঁৱালি লোৱাৰ লয়।

বন্যহস্তীৰ এটি দলে খাদ্যৰ সন্ধানত ৰেল লাইন পাৰ হওতেই পলাশবাৰীৰ ৰঙামাটিত সংঘটিত হয় এই হৃদয়বিদাৰক ঘটনাৰ।

গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখি আছিল ট্ৰেইনখন। অধিক তীব্ৰ বেগৰ কাৰণে একেলগে অহা হাতীৰ ৫জনীয়া দলটোৰ পৰা ৰেল লাইন পাৰ হব নোৱাৰি ১টা হাতীৰ মৃত্যু ঘটে।

উল্লেখ্য যে প্ৰায়ে এনে ঘটনা সংঘটিত হৈ আহিছে। ইয়াৰ পিছতো কিন্তু ট্ৰেইনৰ গতিবেগ কম কৰা দেখা পোৱা নহল।