
হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ সময়তে যোৰহাট জিলাৰ তিতাবৰ কাছজান চাহ বাগিচাত উদ্ধাৰ হৈছে এটা হাতী পোৱালিৰ মৃতদেহ।
খাদ্যৰ সন্ধানত মৰিয়নিৰ গিবন অভৰায়ণ্যৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ এটা জাকৰ লগত অঞ্চলটোলৈ হাতী পোৱালিটো অহা বুলি জানিব পৰা গৈছে।
মৃত হাতী পোৱালিটোৰ সমীপত ৰাইজে ধূপ-ধূনা জ্বলাই পুষ্পাঞ্জলি অৰ্পণ কৰি শেষ শ্ৰদ্ধা জনায়।
কি কাৰণত হাতী পোৱালিটোৰ মৃত্যু হ’ল সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।
ঘটনাস্থলত বন বিভাগৰ লোক আহি উপস্থিত হৈছে আৰু বন বিভাগৰ এটি চিকিৎসকৰ দলো ঘটনাস্থললৈ ৰাওনা হৈছে।
চিকিৎসকৰ দলটো উপস্থিত হোৱাৰ পিছতে হাতী পোৱালিটোৰ মৃত্যুৰ ৰহস্য জানিব পৰা যাব।
উল্লেখ্য যে, গোৱালপাৰা জিলাৰ লখিপুৰ বনাঞ্চলৰ অন্তৰ্গত জয়ৰামকুছিতো বৃহস্পতিবাৰে এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হৈছিল।