আজৱ ঘটনা ! মৃত লোকলৈ বিদ্যুৎ বিভাগে প্ৰেৰণ কৰিলে লাখ টকাৰ বিদ্যুৎ বিল

0
51

আজৱ ঘটনা ! মৃত লোকলৈ বিদ্যুৎ বিভাগে প্ৰেৰণ কৰিলে লাখ টকাৰ বিদ্যুৎ বিল

উত্তৰ প্ৰদেশৰ মৈনপুৰীত এক আজৱ ঘটনা সংঘটিত হৈছে |বিদ্যুৎ বিভাগে লাখ লাখ টকাৰ বকেয়া বিলৰ বাবে এজন মৃত লোকলৈ জাননী প্ৰেৰণ কৰিছে।

মৃতকৰ পৰিয়ালটোৱে জাননী লৈ কৰ্তৃপক্ষৰ ওচৰলৈ গৈছে যদিও কোনো সুফল পোৱা নাই। ঘটনাটো নাগাৰিয়া গাঁৱৰ।

ইয়াত বাস কৰা ভুক্তভোগী প্ৰীতিয়ে কয় তেওঁ বিশেষভাৱে সক্ষম | তেওঁ খোজ কাঢ়িব নোৱাৰে|

তাইৰ স্বামীও বিশেষভাৱে সক্ষম।জানিব পৰা মতে বিদ্যুৎ বিভাগৰ লোকসকলে তেওঁৰ শাহু লংশ্ৰীৰ নামত বিনামূলীয়া বিদ্যুৎ সংযোগ দিছিল।

তাৰ পিছৰে পৰা তেওঁলোকলৈ কেতিয়াও বিল অহা নাছিল। আৰু প্ৰায় এবছৰ আগতে তেওঁৰ শাহুৱেকৰ মৃত্যু হৈছিল।

কিন্তু হঠাতে এইবাৰ বিদ্যুৎ বিভাগে ৮৬ হাজাৰ ৫২৭ টকাৰ এখন বিল প্ৰেৰণ কৰিছে।

ঘটনাটোৰ পিছতে তেওঁলোক চিন্তিত হৈ পৰিছে | প্ৰীতিয়ে কয় যে ‘আমি বহুত দৰিদ্ৰ মানুহ।

আমি খোজি মাগি জীয়াই আছো। আমি কৰ্তৃপক্ষৰ ওচৰলৈ গৈছিলো, কিন্তু তেওঁলোকে আমাৰ কোনো কথা নুশুনিলে।

ইফালে বিদ্যুৎ বিভাগৰ এজন বিষয়াই কৈছে যে , তেওঁলোকে এটা বৈধ সংযোগ ব্যৱহাৰ কৰি আছে।

গতিকে বিল পৰিশোধ কৰিবই লাগিব| যি গৰাকী মহিলাৰ নামত বিদ্যুৎ সংযোগ কৰা হৈছিল তেওঁৰ মৃত্যু হলেও তেওঁলোকৰ পৰিয়ালৰ লোক সকল যিহেতু আছে| গতিকে এই বিল তেওঁলোকেই পৰিশোধ কৰিব লাগিব |