26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ১৫ বছৰে বিধায়ক হৈয়ো নকৰিলে একো কাম, পুনৰ ভোট বিচাৰি ৰাইজৰ কাষত থিয় দিওতেই ৰাইজে দিলে পহুখেদা

    ১৫ বছৰে বিধায়ক হৈয়ো নকৰিলে একো কাম, পুনৰ ভোট বিচাৰি ৰাইজৰ কাষত থিয় দিওতেই ৰাইজে দিলে পহুখেদা

    ১৫ বছৰে বিধায়ক হৈয়ো নকৰিলে একো কাম, পুনৰ ভোট বিচাৰি ৰাইজৰ কাষত থিয় দিওতেই ৰাইজে দিলে পহুখেদা। পশ্চিম বিলাসীপাৰাত ৰাইজৰ প্ৰশ্ন বানত মুখৰ মাত নাইকিয়া হয় মহাজোঁটৰ প্ৰাৰ্থী তথা বিধায়ক হাফিজ বছিৰ আহমেদৰ।

    ২৬ নং পশ্চিম বিলাসীপাৰা বিধান সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ ৰাইজৰ ৰোষত পৰে নেতাগৰাকী। ক্ষুদ্ধ জনতাই মঞ্চৰ পৰা পহুখেদা দিলে বছিৰ আহমেদক।

    দেওবাৰে সন্ধিয়া গুটিপাৰা হক বজাৰত এখন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰিবলৈ উপস্থিত হৈছিল পশ্চিম বিলাসীপাৰা বিধায়ক তথা মহাজোঁট এ আই ইউ ডি এফৰ প্ৰাৰ্থী হাফিজ বছিৰ আহমেদ ।

    বিগত ১৫ বছৰে সমষ্টিটোক প্ৰতিনিধিত্ব কৰা বিধায়ক জনে সমষ্টিটোত কোনো উন্নয়ন নকৰি কেৱল অঞ্চলটোৰ ৰাইজৰ ভোট আদায় কৰি গুচি যায়। এনে অভিযোগ তুলি সভাত উপস্থিত থকা একাংশ লোকে বহু প্ৰশ্নৰ অৱতাৰণা কৰি ব্যতিব্যস্ত কৰি তোলে বিধায়ক জনক।

    তাৰ পিছতে যেন ক্ষোভৰ বহিঃপ্ৰকাশ ঘটে । হাফিজ বছিৰ মুৰ্দাবাদ ধ্বনিৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সভাত

    আৰু পঢ়ক : কৰ’ণা ভাইৰাছ, অসমত আৰম্ভ মৃত্যুৰ খেল! শিলচৰত মৃত্যু এজনৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং