গোলকগঞ্জৰ কানুৰীত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। বি এছ এফৰ গাড়ীৰ খুন্দাত গোলাপজান বেওৱা (৬০) নামৰ এগৰাকী বৃদ্ধা থিতাতেই নিহত হয়।
জানিব পৰা মতে গোলকগঞ্জৰ ৰাখালপাট অভিমুখে গৈ থকা ই-ৰিক্সা এখনক বিপৰীত দিশৰ পৰা তীব্ৰ বেগত অহা ডব্লিউ বি ০২ ভি ৬৮১৬ নম্বৰৰ জিপচী বাহন এখনে খুন্দা মাৰে।
ফলত ই-ৰিক্সাখনত থকা গোলাপজান বেওৱা (৬০) নামৰ বৃদ্ধা গৰাকীৰ মৃত্যু হোৱাৰ লগতে ৪ জনকৈ যাত্ৰী গুৰুতৰভাৱে আহত হয়।
মৃত গোলাপজান বেওৱা গোলকগঞ্জৰ উচিতা গাঁৱৰ স্বৰ্গীয় আব্দুল হামিদৰ পত্নী।
গোলকগঞ্জ আৰক্ষীয়ে ঘটনাস্থলত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।
ইনপুট : কাজী ফিৰোজ আলম