গোৱালপাৰাত কৰুণ ঘটনা; ধান কাটিবলৈ গৈ ৰে’লৰ খুন্দাত নিহত হ’ল স্বামী-স্ত্ৰী

0
7275

গোৱালপাৰা জিলাৰ ধূপধৰাৰ ধনুভাঙাত সংঘটিত হৈছে এক কৰুণ দুৰ্ঘটনা। ৰাতিপুৱা পথাৰলৈ ধান কাটিবলৈ যোৱাৰ সময়ত ৰে’লৰ খুন্দাত নিহত হ’ল স্বামী-স্ত্ৰী৷

অতি মৰ্মান্তিক এই ঘটনাটো ধনুভাঙাৰ আৱৈমাৰীত সংঘটিত হৈছে। ৰে’লৰ খুণ্ডাত নিহত হোৱা স্বামী-স্ত্ৰীক ক্ৰমে ললিত মোহন দৈমাৰী(৭০) আৰু ৰখীয়া দৈমাৰী (৬৫) বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে, নতুন ৰে’লপথেৰে পতি-পত্নীয়ে আৱৈমাৰীৰ পথাৰত ধান কাটিবলৈ গৈ থকা মুহূৰ্তত সংঘটিত হয় এই দুৰ্ঘটনাটো৷

জানিব পৰা মতে, ৰে’লৱে বিভাগে নিউ বঙাইগাঁৱৰ পৰা ধূপধৰালৈ নতুনকৈ নিৰ্মাণ কৰিছে পথ। আৰু এই পথেৰে বৃহস্পতিবাৰে ধূপধৰালৈ এখন ডেম’ ৰে’ল চলাইছিল।

নতুন পথেৰে ৰে’ল চলাচল আৰম্ভ কৰাৰ কথা নজনাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি অনুমান কৰিছে স্থানীয় লোকে।