
অতিকে শোকাৱহ ! পিতৃয়ে দিয়া চকলেট খাই আঠ বছৰীয়া শিশুৰ মৃত্যু
তেলেংগানাৰ ৱাৰাংগল চহৰত এটা শোকাৱহ ঘটনা সংঘটিত হৈছে।
চহৰখনত চকলেট খাই খোৱাৰ ফলত এটি আঠ বছৰীয়া শিশুৰ মৃত্যু হয়।
জানিব পৰা মতে শিশুটিৰ দেউতাকে বিদেশৰ পৰা শিশুটিৰ বাবে চকলেট আনিছিল।
আঠ বছৰীয়া সন্দীপ সিঙে এটা চকলেট খাই আছিল। এই সময়তে, চকলেটৰ টুকুৰা এটা তেওঁৰ ডিঙিত লাগি ধৰিছিল।
যাৰ ফলত শিশুটিয়ে ধৰফৰাবলৈ ধৰে | বহু সময় চেষ্টা কৰাৰ পাছতো চকলেটৰ টুকুৰাটো ডিঙিৰ তলত নামি যোৱা নাছিল আৰু ডিঙিৰ পৰাও ওলাই অহা নাছিল।
পুত্ৰৰ অৱনতি হোৱা অৱস্থা দেখি পৰিয়ালৰ লোক সকলে তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়।
কিন্তু চিকিৎসকসকলে তেওঁক মৃত বুলি ঘোষণা কৰিছিল।ঘটনাক লৈ এতিয়া চাঞ্চল্যই বিৰাজ কৰিছে