25 C
Guwahati
Wednesday, October 20, 2021
More

    পূজাৰ বতৰতে ৰাজ্যত জঘন্য ঘটনা- ৮ জনীয়া পাষণ্ড দলৰ ধৰ্ষণৰ চেষ্টা দুই যুৱতীক

    পূজাৰ বতৰতে ৰাজ্যত জঘন্য ঘটনা- ৮ জনীয়া পাষণ্ড দলৰ ধৰ্ষণৰ চেষ্টা দুই যুৱতীক

    পূজাৰ বতৰতে ৰাজ্যত জঘন্য ঘটনা- ৮ জনীয়া পাষণ্ড দলৰ ধৰ্ষণৰ চেষ্টা দুই যুৱতীক। দেৱী পূজাৰ এই সময়চোৱাতেই গহপুৰত সংঘটিত হৈছে এই জঘন্য ধটনা।

    দুৰ্গা পুজাৰ আনন্দ উল্লাসৰ মাজতে মহাঅষ্টমীৰ দিনা দিনদুপৰতে সংঘটিত হৈছে ভয়ংকৰ কাণ্ড। দুই যুৱতীক মুখত সোপা দি গাড়ীত উঠাই লৈ গৈ ধৰ্ষণৰ অপচেষ্টা চলাই দুৰ্বৃত্তৰ দলে।

    মহাঅষ্টমীৰ দিনা চৰাইবাৰীৰ পৰা দুৰ্গা পূজা চাই ঘৰলৈ ওভটি আহোতে AS-07 AC-9326 নম্বৰৰ এখন মেজিক গাড়ীত অহা ৮ জনীয়া দুৰ্বৃত্তৰ দলে দুগৰাকী যুৱতীক গাড়ীত উঠাই লৈ গৈ ধৰ্ষণৰ চেষ্টা চলায়।

    যুৱক কেইজনৰ ঘৰ গহপুৰৰ দক্ষিণাঞ্চলৰ ধন্দীত বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। যুৱক কেইজন ক্ৰমে- আপেল পেগু, মজিফুৰ কামান,মৃদুল পিটিকি, লিতে পেগু,নৱজ্যোতি পেগু,নন্দলাল দলে,অনিল দলে,বিপিন কুটুম।

    ইতিমধ্যে দুই যুৱতীৰ পৰিয়ালৰ লোকে গহপুৰ আৰক্ষী থানাত ঘটচনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে। বৰ্তমান ৮ জনীয়া দুৰ্বৃত্তৰ দলটো পলাতক অৱস্থাত আছে।

    গহপুৰ আৰক্ষীয়ে দুৰ্বৃত্ত কেইটাৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে। দুই যুৱতীৰ ভাষ্য অনুসৰি এই ৮ জনৰ ভিতৰত আপেল পেগু বোলা জন মাষ্টাৰ মাইণ্ড বুলি জানিব পৰা গৈছে।

    Input and Photo – Moon Gogoi

    আৰু পঢ়ক : পুনৰ ন্যায়ালয়ত মুখঠেকেচা, এইবাৰো নহল জামিন, আৰু ৫ দিনলৈ কাৰাগাৰেই ঠিকনা আৰিয়ানৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং