28 C
Guwahati
Monday, September 26, 2022
More

    ৮ কোটি বছৰ পুৰণি ভয়ংকৰ সাগৰীয় প্ৰাণী পুনৰ দৃষ্টিগোচৰ …

    ৮ কোটি বছৰ পুৰণি ভয়ংকৰ সাগৰীয় প্ৰাণী পুনৰ দৃষ্টিগোচৰ …

    আজিৰ পৰা প্ৰায় ৮ কোটি বছৰ পূৰ্বে এই ধৰাত থকা এবিধ প্ৰাণী পুনৰ দৃষ্টি গোচৰ হৈছে। যি দেখি বৈজ্ঞানিক মহলত আলোড়নৰ সৃষ্টি হৈছে। এবিধ বিশেষ সাগৰীয় প্ৰাণী পুনৰ দৃষ্টিগোচৰ হৈছে জাপানত।

    এই বিশেষ প্ৰাণীবিধ হৈছে এবিধ শ্বাৰ্ক। ইয়াক জাপানৰ সাগৰীয় অঞ্চলত দেখা পোৱা গৈছে। ইয়াৰ নাম ফ্ৰীল্ড শ্বাৰ্ক, ইয়াৰ বৈজ্ঞানিক নাম ক্লেমাইড’ছিলেচছ এঞ্জুইনিয়াছ (Chlamydoselachus Anguineus)।

    ইয়াৰ দাঁতৰ গঠনৰ বাবেই এই অদ্ভুত নাম । ইয়াৰ দাঁতৰ মুঠ সংখ্যা ৩০০ টা। ইয়াৰ দৈৰ্ঘতা ৬.৬ ফুট। ই ইমানেই ভয়ংকৰ যে, ই নিজতকৈ দুগুণ ডাঙৰ শ্বাৰ্ককো হত্যা কৰি খাদ্য হিচাপে গ্ৰহণ কৰে।

    সদ্যহজে দেখা পোৱা এই শ্বাৰ্ক বিধত কোনো ধৰণৰ সালসলনি দেখা পোৱা নাই। ই ৮ কোটি বছৰ পূৰ্বৰ দৰেই দেখাত হৈ আছে। যি বৈজ্ঞানিক সকলক অতিকে আচৰিত কৰি তুলিছে।

    সেয়ে ইয়াক জীৱিত জীৱাষ্ম আখ্যা বৈজ্ঞানিকৰ। লগতে বৈজ্ঞানিকে ইয়াকো সন্দেহ কৰিছে যে, ইমান কোটি বছৰৰ পাছতো একেদৰেই থকাৰ বাবে ইয়াৰ অন্য বহু সংগীয়ো জীৱিত থকাৰ সন্দেহ প্ৰকাশ বৈজ্ঞানিকৰ।

    চাঞ্চল্যকৰ কথা যে, এই সাগৰীয় প্ৰাণী বিধৰ কোনোদিনে কোনেও চিকাৰ নকৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং