29 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    এখন দেশত নতুনকৈ নিৰ্মাণ হৈ আছে ৰাজধানী, খৰচ হব ৩.৩ লাখ কোটি টকা, ৪০০ৰো অধিক থাকিব চিকিৎসালয়

    এখন দেশত নিৰ্মাণ হৈ আছে এখন নতুন ৰাজধানী। দেশৰ বৰ্ধিত জনসংখ্যাক চাইয়ে এইদৰে নতুন ৰাজধানী নিৰ্মাণৰ পৰিকল্পনা ইজিপ্ত বা মিছৰৰ। বৰ্তমানে দেশখনৰ ৩০৮৫ বৰ্গ কিলোমিটাৰ জুৰি থকা কাহিৰা হৈছে ৰাজধানী। আনহাতে নিৰ্মাণ হৈ থতা নতুন ৰাজধানী খন ৭০০ বৰ্গ কিলোমিটাৰৰ।

    বৰ্তমানৰ ৰাজধানীৰ পৰা ৪৫ কিলোমিটাৰ দূৰত্বৰ এক মৰুভুমিত নিৰ্মাণ হৈ আছে এই নতুন ৰাজধানী। যদিও ই মৰুভুমিত নিৰ্মাণ হৈ আছে, তথাপি ইয়াত বিশ্বৰ অন্যতন উন্নত ঠাই লণ্ডন আৰু নিউয়ৰ্কৰ দৰেই সকলো সুবিধা উপলব্ধ থাকিব।

    অনুমান কৰা হৈছে ২০৩০ চন মানত এই চহৰখনৰ নিৰ্মাম সম্পূৰ্ণ হৈ উঠিব। আজিৰ পৰা ৬ বছৰ পূৰ্বেই ইয়াৰ নিৰ্মাণ কৰাৰ কথা সদৰি কৰা হৈছিল।

    বৰ্তমানে নিৰ্মাণ কাৰ্য চলি থকা এই চহৰখনত ৪০০ ৰো অধিক চিকিৎসালয় থকাৰ লগতে সম সংখ্যক বিদ্যালয়-মহাবিদ্যালয়ো নিৰ্মাণ কৰি থকা হৈছে। এই চহৰ খনত প্ৰায় ৬৫ লাখ লোকে সুন্দৰকৈ বাস কৰিব পৰা সুবিধা থাকিব।

    চহৰ খনৰ বাহিৰত ৯০ কিলোমিটাৰ বৰ্গ ক্ষেত্ৰত সৌৰ শক্তিৰো ব্যৱস্থা কৰিব। লগতে চহৰ খনৰ চাৰিওফালে কৃতিম পুখুৰীৰ ব্যৱস্থাও কৰিব। পৰ্যটনৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই নতুন চহৰখনতেই নিৰ্মাণ কৰিব ৩০ হাজাৰ কোঠা যুক্ত এক অত্যাধুনিক হোটেল।

    লগতে লণ্ডনৰ চেন্ট্ৰেল পাৰ্কতকৈয়ো অধিক ডাঙৰ পাৰ্ক আৰু বিশ্বৰ ভিতৰতে সকলোতকৈ ওখ টাৱাৰ নিৰ্মাণ কৰিব ইজিপ্তৰ এই নিৰ্মিয়মান নতুন ৰাজধানীখনত।

    আৰু পঢ়ক : অলিম্পিক পদক বিজয়ী সুশীল কুমাৰৰ বিৰুদ্ধে জামিন বিহীন ৱাৰেণ্ট জাৰি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং