21 C
Guwahati
Sunday, April 11, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ৰাষ্ট্ৰীয়তাবাদৰ পিটিকাত দিয়া ‘লোণ’হে হ’বগৈ নেকি আঞ্চলিক দল অগপ

    ”জুইকুৰা জ্বলাইছা বন্ধু। নোমাবলৈ নিদিবা। বিদ্যুতৰ পোহৰ নোহোৱা আমাৰ ঘৰখনত এইকুৰা জুইয়ে পোহৰ বিলাইছে।” সেই জুইকুৰাই বৃহস্পতিবাৰে অগপৰ কাৰ্যালয়ত জ্বলিছিল। পোহৰ বিলাইছিল। চকু চাত মৰা পোহৰ দেখি সভাপতি-কাৰ্যকৰী সভাপতিয়ে হাঁহিছিল।অৱশ্যে মাজে মাজে আমনি কৰিছিল বিভিন্নজনে। প্ৰশ্ন কৰিছিল আমাৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকী নাহিল নেকি?

    ন্যায়ালয়ৰ স্থগিতাদেশ, প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ তীব্ৰ বিৰোধিতাৰ মাজতে অনুষ্ঠিত হ’ল অগপৰ কেন্দ্ৰীয় সাধাৰণ অধিবেশনখন। পুনৰ সভাপতিৰ মূকুট শিৰত লবলৈ সক্ষম হ’ল পূৰ্বৰ সভাপতি অতুল বৰা। দলীয় সংঘাট, গৃহকন্দলৰ মাজতে ‘৮৫ৰ অসম আন্দোলনৰ মাজেৰে আত্মপ্ৰকাশ কৰা দলটোৰ নেতৃত্বই নিজৰ ইচ্ছামতেই সভাপতি পাতি ডিঙিত পিন্ধালে ফুলাম গামোচা।

    এতিয়া বিধানসভাৰ বাবে প্ৰস্তুতিৰ সময়। বন্ধুৱে কাৰ্যালয় পোহৰাই তুলিবলৈ জ্বলোৱা জুইকুৰা এতিয়া আৰু প্ৰৱলভাবে জ্বলাব লাগিব। পোহৰ নহ’লে হয়তো কোনেও দেখাই নাপাব এসময়ত অসমৰ লাখ লাখ লোকৰ নয়ণৰ মণি, তাহানিৰ সেই ডেকা মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ অগপ দলৰ কাৰ্যালয়।

    পোহৰ বোধহয় কমাযেনো লাগে কেতিয়াবা। সোণ, হীৰা, ৰূপ থাকক বা নাথাকক এখন ঘৰত দুবেলা দুসাঁজ খাবলৈ থাকিলে বিশেষ চিন্তা নাথাকে। এতিয়া তেনে চিন্তা লাহে লাহে নাইকীয়া হ’বলৈ গৈ আছে শাসকীয় বিজেপি অথবা কংগ্ৰেছৰ। তেওঁলোকৰ অৱস্থা অৱশ্যে বিশেষ সন্তুষজনকো নহয়। শাসকীয় দল হিচাপে বিজেপিৰ অৱস্থা কংগ্ৰেছৰ তুলনাত ভাল। কিন্তু এতিয়া কংগ্ৰেছ অথবা বিজেপিত থকা পোহৰ অগপৰ মজিয়াত অভাৱ হৈছে।

    তাৰ মাজতে বিগত কেইদিনত ইজনৰ পিছত সিজন লোকে ৰাজনীতিলৈ ঢাপলি মেলিছে। শিল্পী, কলা-কুশলীয়ে ৰাজনীতিৰ পথাৰত বোকা গছকিলেও খেতি কেনেকৈ কৰিব তাৰ আভাস সকলোৰে আছে। কা আন্দোলনত জপিয়াই পৰা সকলৰ একাংশই বিজেপিক তীব্ৰ বাক্যবানেৰে থকা-সৰকা কৰিছিল। এতিয়া কৈছে তেতিয়া একোকে জনা নাছিলো। চিন্তাবোৰ এনে হ’লে এইসকল লোকৰ পৰা ভৱিষ্যতৰ ৰাজনীতিৰ ক্ষেত্ৰখনত বিশেষ কিবা আশা কৰিব পৰা নাযাব।

    আঞ্চলিকতাৰ ধাৰাটোৰ প্ৰতি মানুহক আকৰ্ষিত কৰিব নোৱাৰাতো অগপৰ আটাইতকৈ ডাঙৰ ভুল হিচাপে পৰিগণিত হৈছে। তাহানিৰ অসম গণ পৰিষদ বুলি ক’লে বা আমবাৰীৰ কাৰ্যালয়টোৰ কথা ক’লে সকলোৱে আৱেগিক হৈ পৰিছিল। অগপৰ সপক্ষ্যে প্ৰতিজন লোকেই মত দিছিল।

    সদৌ অসম ছাত্ৰ সন্থাৰ ৬ বছৰীয়া অসম আন্দোলনৰ ফলশ্ৰুতিত অগপৰ জন্ম হৈছিল। ৰাইজ উবুৰি খাই পৰিছিল অগপক শাসনত বহাবলৈ। কথামেই সকলো হৈছিল, বিশ্বাস আছিল ৰাইজে নখ জোকাৰিলে নৈ বয়। অগপৰ চৰকাৰ ঠিকেই আহিল। কিন্তু ৰাইজৰ আস্থাহে ধৰি ৰাখিব নোৱাৰিলে।

    এতিয়াও আঞ্চলিকতাবাদৰ কথা ক’লে মানুহ আবেগিক হয়। কিন্তু অগপৰ নেতা মন্ত্ৰীৰ আসন, ক্ষমতাৰ যুঁজত সকলো লোকে এতিয়া একো একোজন নীৰৱ দৰ্শক। কি কৰিব, কা আন্দোলনৰ কথা আহিল ৰাইজৰ প্ৰতিবাদ দেখি তেওঁলোকে কান্দি কান্দি মন্ত্ৰীত্ব এৰিলে। পিছত পুনৰ চল চাই কঠিয়া পাৰিলে। এতিয়া ৩ মন্ত্ৰী কেবাগৰাকী বিভিন্ন নিগম নিকায়ৰ অধ্যক্ষই নিজ আসনখনৰ কথা পাহৰে কেনেকৈ।

    সময়ৰ লগে লগে ক্ষমতাকেন্দ্ৰীক সংঘাট আৰম্ভ হ’ল। সৃষ্টি হ’ল দুটা ফৈদৰ। এতিয়া অগপ বুলি ক’লেই দুটা ফৈদৰ কথাহে মানুহৰ মনলৈ আহে। তাৰে এটা অতুল বৰাৰ ফৈদ আৰু আনটো প্ৰফুল্ল মহন্তৰ ফৈদ। ৰাজ্যৰ অজস্ৰ জনতাই গৰ্ব কৰা অগপ দলৰ ভিতৰভাগত দেখা দিয়া নেতৃত্বৰ সু-শাসনৰ অভাৱে বাৰুকৈয়ে প্ৰশ্নৰ সৃষ্টি কৰিছে। যদিহে কংগ্ৰেছ আৰু বিজেপিক জনতাই প্ৰতাৰক বুলি ভাৱে তেতিয়া অগপ কি হ’ব? কা অনাৰ বাবেই যদি বিজেপি আৰু শাসনকালত উন্নয়নমূলক কাম নকৰাৰ বাবে কংগ্ৰেছক যদিহে বৰ্জন কৰা হয় তেতিয়া গ্ৰহণ কৰিব পৰা যাব কাক।

    অসমৰ ৰাজনৈতিক ক্ষেত্ৰত নতুন ৰাজনৈতিক দলৰ জন্ম হৈছে। সৌ সিদিনা অৰূপ বৰবৰাসহ আন একাংশ লোকে এটা আঞ্চলিক দল খুলিলে। কৃষক মুক্তিৰো দল শীঘ্ৰে আহি আছে। আছু-এজেৱাইচিপিৰ নেতৃত্বতো আহি আছে এটা দল। দল বহুত হ’ব, আঞ্চলিক দল বহুতো খোলা হ’ব। কিন্তু পৰিণতি অগপৰ দৰেই হ’ব নেকি, য’ত আঞ্চলিকতাবাদী ধাৰাটোৰ ৰক্ষা কৰাৰ বাবে জন্ম হোৱা দলটোৱে ৰাষ্ট্ৰীয় দলৰ নেগুৰত ধৰি দিছপুৰলৈ যাব। যোগদানৰ ধুম উঠিছে, ৰাষ্ট্ৰীয় দললৈ বিভিন্ন নেতাৰ সোঁত বৈছে, অগপই আকৰ্ষণ কৰিব পাৰিব নে ৰাজ্যৰ যুৱ চামক। পুনৰ দলটো মতানৈক্যবিহীন ভাৱে থন ধৰি উঠিব পাৰিবনে? অতুল বৰা, কেশৱ মহন্তই কেতিয়াকৈ ‘কাজিয়া’ কৰিবলৈ এৰিব প্ৰফুল্ল মহন্তৰ সৈতে…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং