কেনে অভিলেখ- ১টা দিনত ৬ কোটিৰ সুৰা বিক্ৰী বিপৰীতে ৪ টা দিনত ১ কোটি টকাৰ গ্ৰন্থ বিক্ৰী
মানুহে বিচাৰে কি, তাৰ এখন প্ৰতিচ্ছবি প্ৰকাশ পাইছে ২০২১ আৰু ২০২২ৰ সন্ধি ক্ষণত। মানুহ সততে কিহৰ পিছত পৰি থাকে তাকেই প্ৰমাণ কৰি প্ৰকাশ হৈছে এক তথ্য। যি তথ্য একপ্ৰকাৰ অভিলেখ। এফালে সুৰা আনফালে কিতাপ।
৩১ ডিচেম্বৰৰ নিশা মাত্ৰ ১ টা দিনতে অভিলেখ গঢ়ি বিক্ৰী হৈছে প্ৰায় ৬ কোটি টকাৰ সুৰা। প্ৰকাশিত তথ্য অনুসৰি কেৱল মাত্ৰ এটা দিনতে তাকো কেৱল গুৱাহাটী মহানগৰীতে ৫.৯৮ কোটি টকাৰ সুৰা বিক্ৰী হৈছে।
আৰু তাৰ বিপৰীত দৃশ্য এখন দেখা পোৱা গৈছে চানমাৰীত চলি থকা অসম গ্ৰন্থমেলাত। মাত্ৰ ৪ দিনতে বিক্ৰী হ’ল ১ কোটি টকাৰ গ্ৰন্থ। দুয়োটা ক্ষেত্ৰতে একপ্ৰকাশ অভিলেখ গঢ়িলেও এখন ছবি প্ৰকট হৈ উলাইছে যে, জ্ঞান আহৰণৰ নিচাতকৈ সুৰাৰ নিচাৰ প্ৰতি অধিক আগ্ৰহী লোক।
অৱশ্যে এইটোও মানিব লাগিব যে, কিতাপ পঢ়ুৱৈৰ সংখ্যা কম হোৱা বুলি ওলাই থকা কথা শাৰীক ভুল প্ৰমাণিত কৰিলে এইবাৰৰ গ্ৰন্থ মেলাই। অন্য বাৰতৈ এইবাৰৰ অধিক বিক্ৰী হৈছে কিতাপ। কিতাপৰো নিচাত ডুবি থকা এচাম মানুহ আজিয়ো সমাজ খনত আছে বুলি তাৰেই প্ৰমাণ।
গ্ৰন্থ মেলা আৰম্ভণিৰ প্ৰথম দিনটোত বিক্ৰী হৈছে ১৫ লাখ টকাৰ গ্ৰন্থ। দ্বিতীয় দিনা বিক্ৰী হৈছে ২৫ লাখ টকাৰ গ্ৰন্থ। তৃতীয় দিনা গ্ৰন্থমেলাত বিক্ৰী হৈছে ২০ লাখ টকাৰ গ্ৰন্থ আৰু বছৰটোৰ প্ৰথমটো দিনত বিক্ৰী হৈছে অভিলেখ সংখ্যক ৪০ লাখ টকাৰ গ্ৰন্থ।
বছৰৰ প্ৰথমটো দিনত বিৰ দি বাট নোপোৱা অৱস্থা হৈছিল । গ্ৰন্থৰ সুবাস বিচাৰি গ্ৰন্থ প্ৰেমীৰে ভৰি পৰিছিল গ্ৰন্থমেলাৰ বাকৰি। প্ৰতিদিনেই দিনৰ ভাগত, সন্ধিয়া ভাগত সকলো সময়তে মানুহৰ সমাগত গ্ৰন্থৰ মেলাত।
সুৰাৰ নিচাক একাষৰীয়া কৰি যেন এতিয়া কিতাপৰ নিচাত ক্ৰমে ক্ৰমে সোমাই পৰিছে লোক। বহু লোকে প্ৰমাণ কৰিব বিচাৰিছে সুৰা এটা দিনত অভিলেখ কৰি বিক্ৰী গলেও কিতাপৰ নিচাত ডুবি থকা লোকৰ সংখ্যা অধিক।
আনহাতে সুৰাৰ ক্ষেত্ৰত যদিও ৩১ ডিচেম্বৰৰ নিশা অসম আৰক্ষীয়ে বহু নীতি নিৰ্দেশনা ঘোষণা কৰিছিল। সুৰা পান কৰি বাহন চলোৱাতো নিষেধাজ্ঞা আৰোপ কৰিছিল । তথাপি অন্য বছৰতৈ অধিক মূল্যৰ সুৰা বিক্ৰী হয়।
ভৱিষ্যতে এই দুই নতুন অভিলেখে কি ইংগিত বহন কৰিছে… সুৰাৰ বিক্ৰী হ্ৰাস হৈ কিতাৰপ প্ৰতি আৰু অধিক আকৰ্ষিত হব নে জনতা। সুৰাৰ বিক্ৰী হ্ৰাস হৈ দুৰ্ঘটনা হ্ৰাস হোৱাৰ বিপৰীতে কিতাপ অধিক বিক্ৰী হৈ সমাজৰ আৰু কিছু উন্নতি হবনে….
আৰু পঢ়ক : লখিমপুৰৰ আটাছুৰ নেতা হিটলাৰ দিহিঙীয়াৰ আত্মহনন, চুইছাইড নোটত লিখি গ’ল ভয়ংকৰ তথ্য