26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বিৰোধী দলৰ বিষয়ে দিয়া মুখ্যমন্ত্ৰীৰ মন্তব্যই খৰ্ব কৰিছে নেকি গণতন্ত্ৰ! বিৰোধীয়ে কৈছে- ‘এয়া গণতন্ত্ৰৰ হত্যা”

    বিৰোধী দলৰ বিষয়ে দিয়া মুখ্যমন্ত্ৰীৰ মন্তব্যই খৰ্ব কৰিছে নেকি গণতন্ত্ৰ! বিৰোধীয়ে কৈছে- ‘এয়া গণতন্ত্ৰৰ হত্যা” – গণতান্ত্ৰিক দেশ এখনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সচাকৈয়ে গণতন্ত্ৰ ৰ হত্যা কৰিলে নেকি । এষাৰ নকবলগীয়া মন্তব্যৰে গণতান্ত্ৰিক ব্যৱস্থালৈ ভাবুকি আনিলে নেকি। এনে কি কথা কলে যে, বিৰোধী খৰ্গহস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক মন্তব্যত। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এইক্ষেত্ৰত মুখ্যমন্ত্ৰীক ৰাজহুৱাকৈ ক্ষমা খোজাৰো দাবী জনায়।

    কংগ্ৰেছৰ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিব বুলি কোৱাৰ পিছৰে পৰা ৰাজ্যৰ ৰাজনীতিত দেখা দিছে ভিন্ন ৰূপ। বোকাচটিওৱা ৰাজনীতি এৰি এইবাৰ বিৰোধী খালী কৰা ৰাজনীতিত সোমাই পৰিছে। যাকেই গণতন্ত্ৰৰ হত্যা বুলি অবিহিত কৰিছে বিৰোধী দল বোৰে।

    এদিন পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ৫ বছৰলৈ বিৰোধীৰ স্থিতি নাই বুলি দাবী কৰিছিল ৷ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰাৰ এদিন পিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো বিৰোধী বিধায়ককে শাসকীয় দলত যোগদান কৰিবলৈ আৰু ‘ৰাইজৰ বাবে একেলগে কাম কৰিবলৈ’ আহ্বান জনাইছিল।

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে,’তেওঁলোকে পাঁচ বছৰৰ বাবে বিৰোধীৰ আসনত বহি কি কৰিব? মই বৰঞ্চ কম যে তেওঁলোকে আমাৰ সৈতে যোগদান কৰা উচিত। যিহেতু আমি জাতি, ধৰ্ম আৰু বৰ্ণ নিৰ্বিশেষে মানুহৰ কল্যাণৰ বাবে কাম কৰি আছো, মই তেওঁলোকক আমাৰ সৈতে যোগদান কৰিবলৈ আৰু ৰাইজৰ হৈ একেলগে কাম কৰিবলৈ অনুৰোধ জনাইছো’

    যি মন্তব্যৰ পিছতে ক্ষোভিত হৈ পৰিছিল বিৰোধী দল সমূহ। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে ‘দেশৰ গণতান্ত্ৰিক ব্যৱস্থালৈ ভাবুকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য’ বুলি কৈছিল কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই। শইকীয়াৰ মতে বিৰোধীৰ পৰিৱৰ্তে চৰকাৰৰ পক্ষত সহমত পোষণ কৰাৰ ভাষ্য গণতন্ত্ৰৰ পৰপন্থী ৷ যাৰ বাবেই সেই মন্তব্যৰ বাবে মুখ্যমন্ত্ৰীক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী জনাইছিল দেৱব্ৰত শইকীয়াই ৷

    কেৱল দেৱব্ৰত শইকীয়াই নহয়, এ আই ইউ ডি এফৰ কৰিমগঞ্জৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ মন্তব্য- ‘বিৰোধী দলৰ বিষয়ে দিয়া মুখ্যমন্ত্ৰীৰ মন্তব্যই খৰ্ব কৰিছে গণতন্ত্ৰ । চৰকাৰ খনৰ বিৰুদ্ধে এমাহতে সমালোচনা কৰা টান তথাপিও আমি সময়ত মাত মাতি আছো । আৰু এতিয়া মুখ্যমন্ত্ৰীৰ মন্তব্যত মাত মাতিবলৈ বাধ্য হৈ পৰিছো।’

    মুখ্যৱমন্ত্ৰীয়ে সকলো বিৰোধীকে বিজেপিত যোগদানৰ কখা কোৱাৰ অন্তৰালত আছিল আন এক কাৰণ। কিয়নো ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ এৰাৰ পিছতে আন একাংশ কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰিব বুলি চলা চৰ্চা সন্দৰ্ভত কুৰ্মীয়ে মন্তব্য আগবঢ়াইছিল যে, “বিৰোধী দলৰ পৰা আৰু দুই-এজন বিজপিলৈ আহিব’।

    এনেদৰেই যদি কংগ্ৰেছৰ এজন এজন কৈ বিধায়ক বিজেপিলৈ গমন কৰে তেতিয়া মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰা গণতন্ত্ৰ খৰ্ব কৰা ধৰণৰ কোনো তাৎপৰ্যই নাথাকিব। দুৰ্বল হৈ পৰিব কংগ্ৰেছ। এতিয়া সময়তহে দেখা যাব কোনে কি পৰিস্থিতি লয়। কংগ্ৰেছ দল থাকিব নে, মুখ্যমন্ত্ৰীয়ে ক্ষমা খুজিব।

    আৰু পঢ়ক : অভিনৱ কৌশল; সকলো আচৰিত, কেৱল মাত্ৰ ২৮ ঘণ্টাতে নিৰ্নাণ ১০ মহলীয়া অট্টালিকা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং