30 C
Guwahati
Tuesday, September 27, 2022
More

    ২১৫ কোটি টকাৰ ধন দাবীৰ গোচৰত দোষী সকলৰ নাম তালিকাত অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰো নাম

    ২১৫ কোটি টকাৰ ধন দাবীৰ গোচৰত দোষী সকলৰ নাম তালিকাত অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰো নাম। ইডিয়ে ২১৫ কোটি টকাৰ ধন দাবীৰ গোচৰত অভিযুক্ত হিচাপে নামা উল্লেখ কৰিছে জেকলিন ফাৰ্ণাণ্ডেজৰ।

    প্ৰৱৰ্তন সঞ্চালকালয় (ED)য়ে বলীউডৰ মোহময়ী অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে বুধাবৰে ১৭ আগষ্ট তাৰিখে অভিযোগ পত্ৰ দাখিল কৰে।

    সূত্ৰমতে জানিব পৰা অনুসৰি, ইডিয়ে জেকলিনক ধন দাবী কৰি উৎপীড়ন চলোৱা বুলি প্ৰমাণ পাইছিল। ইডিয়ে কয় যে প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰে ধন দাবী কৰি আহিছিল বুলি সেই সকলো বিষয়ে জেকলিন পূৰ্বৰে পৰা অৱগত আছিল।

    মুখ্য সাক্ষী আৰু অভিযুক্তৰ বিবৃতিত প্ৰকাশ পোৱা অনুসৰি, জেকলিন ফাৰ্ণাণ্ডেজ ভিডিঅ’ কলৰ জড়িয়তে সুকেশৰ সৈতে নিৰন্তৰ যোগাযোগত আছিল।

    আনহাতে সুকেশেও নিজৰ জেৰাত শ্ৰীলংকাত জন্মগ্ৰহণ কৰি ভাৰতীয় ছবিজগতত কাম কৰি থকা মোহময়ী জেকলিনক বহু উপহাৰ দিয়াৰ কথাও স্বীকাৰ কৰে।

    পূৰ্বেও ইডিয়ে জানিব পাৰিছিল যে সুকেশে জোকলিনক ১০ কোটি টকাৰ উপহাৰ প্ৰেৰণ কৰিছিল।

    ৩৩ বছৰীয়া সুকেশ চন্দ্ৰশেখৰক কেইবাটাও ৰাজ্যিক আৰক্ষী আৰু তিনিটা কেন্দ্ৰীয় সংস্থা – চিবিআই, প্ৰৱৰ্তন সঞ্চালকালয় আৰু আয়কৰ বিভাগে ৩২ টাতকৈও অধিক অপৰাধমূলক গোচৰৰ তদন্ত কৰি আছে।

    উল্লেখ্য যে, সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে দিল্লীৰ এজন ব্যৱসায়ীৰ পত্নীৰ পৰা স্পুফ কলৰ জৰিয়তে ২১৫ কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগ আছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং