
প্ৰকৃত শিৱসেনা কোন তাক লৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে গোটৰ মাজত চলি থকা বিতৰ্কৰ মাজতে শনিবাৰে নিৰ্বাচন আয়োগৰ এক নিৰ্দশনাই দুয়োটা গোটকে মোক্ষম আঘাত দিছে।
নিৰ্বাচন আয়োগে এটা অন্তৱৰ্তী নিৰ্দেশত কয় যে শিৱ সেনা আৰু ইয়াৰ প্ৰতীকৰ বিষয়টো চূড়ান্ত নিষ্পত্তি নোহোৱা পৰ্যন্ত অন্ধেৰী ইষ্ট বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত উদ্ধৱ থাকৰে আৰু একনাথ সিন্দেৰ গোটে শিৱসেনা নামটো বা ‘ধনু-কাঁৰ’ৰ প্ৰতীকটো ব্যৱহাৰ কৰিব নোৱাৰিব।
আয়োগে কয় যে দুয়োটা গোটকে উপ-নিৰ্বাচনৰ বাবে পৃথক প্ৰতীক প্ৰদান কৰা হ’ব। আয়োগে প্ৰতীকবোৰৰ এখন তালিকা দিব আৰু তাৰ পৰা দুয়োটা গোটে যিকোনো প্ৰতীক বাছি ল’ব পাৰিব।
ইফালে সিন্দে আৰু থাকৰে গোটে ১০ অক্টোবৰৰ বিয়লি ১ বজাৰ ভিতৰত আয়োগক নথি দাখিল কৰিব লাগিব বুলিও নিৰ্দেশনাত কোৱা হৈছে।
উল্লেখ্যে যে একনাথ সিন্দেৰ নেতৃত্বত একাংশ বিধায়কে উদ্ধৱ থাকৰে নেতৃত্বাধীন চৰকাৰৰ পৰা ফালৰি কাটি আহি বিজেপিৰ সৈতে মিত্ৰতা কৰি মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰাৰ পিছৰে পৰা দুয়োটা গোটৰ মাজত প্ৰকৃত শিৱসেনা কোন তাক লৈ তৰ্ক-বিতৰ্ক চলি আছে।