29 C
Guwahati
Wednesday, August 3, 2022
More

    অহা ৩ দিনৰ বাবে ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

    অহা ৩ দিনৰ বাবে ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

    গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ (The Regional Meteorological Centre (RMC))ই মঙলবাৰে অহা তিনিটা দিনত অসমত বৰষুণ বৃদ্ধিৰ সতৰ্কবাণী জাৰি কৰিছে। ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভৱনা ব্যকত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

    বতৰ বিজ্ঞান কেন্দ্ৰই কয় যে উত্তৰ-পশ্চিম ৰাজস্থানৰ পৰা উত্তৰ-পূব ৰাজস্থান, উত্তৰ মধ্য প্ৰদেশ আৰু ছত্তীশগড়ৰ দক্ষিণ উৰিষ্যা উপকূলৰ পৰা পশ্চিমমধ্য বংগোপসাগৰলৈ এতিয়া এক পূব পশ্চিম বতাহ চলি আছে যি সাগৰ পৃষ্ঠৰ পৰা ০.৯ কিলোমিটাৰ পৰ্যন্ত ওপৰেৰে বৈ আছে।

    যাৰ ফলত সাগৰ পৃষ্ঠৰ এক চাপ উত্তৰ প্ৰদেশৰ পৰা উত্তৰ-পূব আৰু অসমলৈ বৈ আছে। যাৰ ফলতেই বৰষুণৰ সম্ভৱনাই দেখা দিছে।

    লগতে বতৰ বিজ্ঢান কেন্দ্ৰৰ ফালৰ পৰা ইয়াকো কোৱা হৈছে যে, এই বতাহৰ চাপৰ প্ৰভাৱতেই বজ্ৰপাত আৰু ধাৰাসাৰ বৰষুণ আহিব। অহা ৭২ ঘণ্টাত অসমত অত্যাধিক বৰষুণ সম্ভাৱনা আছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং