‘চাহ খোৱা আৰু কাপো খোৱা’- দোকানৰ নাম দেখিয়েই ভিৰ কৰিছে বহু লোকে…চাহ নহ’লেও এবাৰ সোৱাদ ল’ব কাপৰ
এখন বিশেষ চাহৰ দোকান। যি চাহৰ দোকানে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে বহু লোকৰ। কিয়নো চাহৰ দোকান খনৰ নামেই অন্যতকৈ ভিন্ন। দোকানখনৰ নামটোৱেই যেন গ্ৰাহকক আকৰ্ষণ কৰিছে দোকানলৈ।
‘চাহ খোৱা-কাপ খোৱা’ , এয়াই হৈছে দোকান খনৰ নাম। যি নামৰ বাবেই এতিয়া নিতৌ শ শ লোকে ভিৰ কৰে দোকান খনত। পাছে চাহৰ বাবে নহয় সেই বিশেষ কাপৰ বাবেহে। চাহতকৈ যেন কাপ খোৱাৰ বাবেহে অধিক আগ্ৰহী লোক সকল।

এই বিশেষ দোকানখন আছে গুজৰাটৰ ভদোদৰাত। চাৰিজন বন্ধুৱে মিলি আৰম্ভ কৰিছিল এই দোকানখনৰ। পৰিৱেশ সুৰক্ষাক উদ্দেশ্য কৰিয়েই আৰম্ভ কৰিছিল এই দোকানখনৰ।
গ্ৰাহকে যাতে চাহ খাই উঠি কাপটো যতে ততে পেলাই আৱৰ্জনাৰ সৃষ্টি নকৰে, তাৰ বাবেই ভাবি ভাবি উলিয়াইছে এই বিশেষ কাপটোৰ কথা। এতিয়া দোকানলৈ অহা সকলো গ্ৰাহকেই চাহ খাই উঠি কাপটোও খাই দিয়ে।
এই ব্যতিক্ৰম চিন্তাধাৰা ৰখা চাৰি বন্ধু পাছে কোনো বিদ্যালয়-মহাবিদ্যালয়ত লগ হোৱা নহয়, চাৰিও অনাথ আলয়ত লগ হোৱা। অনাথ আলয়তে ডাঙৰ দীঘল হোৱা এই চাৰি বন্ধু লৱকুশ, বিকাশ, শংকৰ আৰু সুৰজে কৰ্মসংস্থাপনৰ বাবে এই চাহৰ দোকানখনকে দিয়ে।

ইয়াৰ বাবে গুগলত সন্ধান উলিয়াই ব্য়তিক্ৰমিৰ কাপৰ । তেতিয়াই পাই ঘেহুঁৰে নিৰ্মিত এই কাপ। লগে লগেই তেনে কাপ আনি আৰম্ভ কৰে এই চাহৰ দোকানৰ।
সেই ঘেহুঁৰে নিৰ্মিত কাপৰ চকলেট লিকুইড লগাই দি তাতেই চাহ দি দিয়ে। যাতে চাহৰ লগতে সেই কাপবোৰো চকলেটৰ সোৱাদেৰে ভৰি পৰে। যাৰ বাবেই এতিয়া সেই দোকানত চাহৰ সলনি কাপ খোৱাৰ বাবেহ ভিৰ কৰে লোকে। যাতে চাহ খাই উঠি কাপটোও খাব পাৰে।