এক মৃদু ভুমিকম্পই জোকাৰি গ’ল অসম

0
6241
এক মৃদু ভুমিকম্পই জোকাৰি গ’ল অসম
প্ৰতিকী ফটো

এক মৃদু ভুমিকম্পই জোকাৰি গ’ল অসম । অসমৰ বহু অঞ্চলৰ লগতে গুৱাহাটী মহানগৰতো অনুভুত হয় ভুমিকম্পৰ জোকাৰণি।

ভুমিকম্পটোৰ জোখ আছিল ৪.৯ ৰিখটাৰ স্কেল । সমতলৰ পৰা ইয়াৰ গভীৰতা আছিল ৯৪.৪ কিলোমিটাৰ।

অৱশ্যে এই ভুমিকম্পৰ কেন্দ্ৰস্থলী অসম নাছিল। ম্যানমাৰত হে নিশা ৮ বাজি ৪৫ মিনিট ৩৮ ছেকেণ্ডত এই ভুমিকম্পই জোকাৰি গৈছিল।

কিন্তু দূৰত্ব অধিক হোৱাৰ পাছতো অসম পৰ্যন্ত ইয়াৰ অনুভুতি হয়। বৰ্তমানলৈ ইয়াৰ কোনো ক্ষয় ক্ষতিৰ সম্পৰ্কে জানিব পৰা হোৱা নাই।

আৰু পঢ়ক : একেখন ঘৰৰে দুই ভগ্নীক ধৰ্ষণ পাষণ্ডৰ, এগৰাকী ১৪ বছৰীয়া মানসিক ৰোগী আনগৰাকী ৬ মহীয়া