অতিকে ভয়ংকৰ ভূমিকম্প- ২১ জনৰ মৃত্যু, প্ৰচণ্ড জোৰে কঁপাই তোলে দেশখনৰ এখন চহৰ

0
143

অতিকে ভয়ংকৰ ভূমিকম্প- ২১ জনৰ মৃত্যু, প্ৰচণ্ড জোৰে কঁপাই তোলে দেশখনৰ এখন চহৰ।

৫ ছেপ্টেম্বৰ সোমবাৰে চীনৰ চিচুয়ান প্ৰদেশত ৬.৮ প্ৰাবল্যৰ এক ডাঙৰ ভূমিকম্পই জোকাৰি যায়। যি ২০১৭ চনৰ পাছত দেশখনত অহা আটাইতকৈ শক্তিশালী ভূমিকম্প আছিল।

এই ভূমিকম্পৰ ফলত কমেও ২১ গৰাকী লোকৰ মৃত্যু হয়। ভূমিকম্পটোৰ প্ৰাবল্য ইমানেই আছিল যে, দেশখনৰ চেংডু আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ লগতে ৰাজধানীয়ো কঁপি উঠিছিল।

দেশখনৰ প্ৰকাশিত বাতৰি অনুসৰি, এই ভূমিকম্পৰ কেন্দ্ৰস্থলৰ ওচৰৰ বহু ৰাস্তা আৰু ঘৰ ক্ষতিগ্ৰস্ত হৈছে। যাৰ ফলত এলেকাত যোগাযোগ ব্যাহত হৈ পৰিছে।

কেন্দ্ৰস্থলৰ পৰা ৫০ কিলোমিটাৰ ভিতৰত থকা নদী বান্ধ আৰু জলবিদ্যুৎ প্ৰকল্পৰ কোনো ক্ষতি হোৱাৰ খবৰ পোৱা হোৱা নাই, অৱশ্যে বিদ্যুৎ সংযোগা ব্যৱস্থাত প্ৰভাৱিত কৰা বুলি খবৰ আহিছে।

আজি চীনত অহা এই ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল লুডিং চহৰ। চেংডুৰ পৰা প্ৰায় ২২৬ কিলোমিটাৰ দক্ষিণ-পশ্চিমত থকা পৰ্বতবোৰ আছিল ইয়াৰ অভিকেন্দ্ৰ।

ভূমিকম্পটোৰ ফলত ২১ গৰাকী লোকে প্ৰাণ হেৰুৱাৰ লগতে বহুতো লোক আহত হয়। লগতে বহু লোকৰে ঘৰ ভাঙি পৰে। পাহাৰ খহে, ৰাস্তা বেয়া হয়বহু বিল্ডিঙত ডাঙৰ ডাঙৰ ফাট মেলিছে।

বৰ্তমানেও প্ৰদেশখনৰ বহু লোকে ভয়তে নিজ নিজ ঘৰৰ বাহিৰকে বাহৰ পৰা দেখা পোৱা গৈছে। তাতো ঘৰবোৰত ফাট মেলাত সেই ঘৰত সন্তানেৰে সৈতে প্ৰৱেশ কৰিবলৈ সংকোচ কৰিছে বহু লোকে।