চীনত ৬.১ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি, ৪ গৰাকী লোকৰ মৃত্যু, ৪১ গৰাকী আঘাতপ্ৰাপ্ত

0
296
প্ৰতিকী ফটো

চীনত বুধবাৰে অহা এটা ৬.১ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত চাৰিজন নাগৰিকৰ মৃত্যু হোৱাৰ লগতে ৪১ গৰাকীকৈ লোক আঘাতপ্ৰাপ্ত হৈছে।

চীনৰ চিচুৱান প্ৰদেশৰ য়ান চহৰক ভূমিকম্পটোৱে বুধবাৰে জোকাৰি যায়।

চিচুৱান প্ৰদেশ কৰ্তৃপক্ষই উল্লেখ কৰা মতে, আঘাতপ্ৰাপ্ত ৪১ গৰাকী লোকৰ ভিতৰত এজন লোকৰ অৱস্থা অত্যন্ত সংকটজনক।

৬.১ প্ৰাবল্যৰ ভূমিকম্পটোৱে য়ান চহৰত বাস কৰা ১৩,০৮১ গৰাকী লোকক কম-বেছি পৰিমাণে ক্ষতিগ্ৰস্ত কৰিছে।

ভূমিকম্পৰ জোকাৰণিৰ ফলত বহু বাসগৃহৰো ক্ষতিসাধন হয়।

ইপিনে, ভূমিকম্পটোৰ পাছত চীন চৰকাৰে চিচুৱান প্ৰদেশ কৰ্তৃপক্ষক সতৰ্ক হৈ থকাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে।