26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    মুখ্যমন্ত্ৰীৰ ঘোষণা : ক’ভিডত মৃত্যু হোৱা প্ৰতিগৰাকী লোকৰ পৰিয়ালে পাব এক লাখকৈ টকা

    মুখ্যমন্ত্ৰীৰ ঘোষণা : ক’ভিডত মৃত্যু হোৱা প্ৰতিগৰাকী লোকৰ পৰিয়ালে পাব এক লাখকৈ টকা

    বিশ্বব্যাপী সংহাৰৰ সৃষ্টি কৰা ক’ভিড-১৯ মহামাৰীৰ ফলত মৃত্যুমুখত পৰা প্ৰতিগৰাকী লোকৰ পৰিয়ালে ১ লাখ টকাৰ সাহায্য প্ৰদান কৰিব অসম চৰকাৰে।

    অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে এখন সংবাদমেলত এই কথা ঘোষণা কৰে।

    মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি অসমৰ প্ৰায় চাৰি হাজাৰটা পৰিয়ালে এই আৰ্থিক সাহায্য লাভ কৰিব।

    ‘ক’ভিড-১৯ৰ ফলত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী লোকৰ আত্মীয়ক আমি এক লাখ টকাৰ সাহায্য প্ৰদান কৰিম। এইটো সকলোৰে বাবে’।

    মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে এই আঁচনিখন দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে অহা ২৫ জুলাইত মুকলি কৰিব বুলিও উল্লেখ কৰে।

    অসম চৰকাৰে ইতিমধ্যে ক’ভিডত স্বামীহাৰা হোৱা বিধৱা মহিলাসকলক ২.৫০ লাখ টকাৰ এককালীন সাহায্য দিয়াৰ আঁচনি আৰম্ভ কৰিছে।

    ইয়াৰ উপৰি ক’ভিডত পিতৃ-মাতৃক হেৰুওৱা শিশুসকলৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে আঠ লাখকৈ টকা ফিক্সড ডিপ’জিট কৰাৰো আঁচনি ৰূপায়ণ কৰিছে।

    আৰু পঢ়ক : অসমে কিমান কোটি টকা আদায় কৰিব আছে অযোগ্য কৃষকৰ পৰা? সদনত জনালে কেন্দ্ৰীয় কৃষি মন্ত্ৰীয়ে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং