ISRO-ই মহাকাশলৈ প্ৰেৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো আৰু ভাগৱত গীতাৰ প্ৰতিলিপি

0
76
ISRO-ই মহাকাশলৈ প্ৰেৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো আৰু ভাগৱত গীতাৰ প্ৰতিলিপি

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই এই বছৰৰ প্ৰথমটো মহাকাশ অভিযান সফলতাৰে আৰম্ভ কৰে। চেন্নাইৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ নিলগত থকা শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ৰাতিপুৱা ১০.৩০ বজাত পিএছএলভি-চি ৫১ ক মহাকাশলৈ প্ৰেৰণ কৰা হয়।

পিএছএলভি-চি৫১ৰ জৰিয়তে ব্ৰাজিলৰ এটা উপগ্ৰহ এমাজনীয়া-১ৰ উপৰি আন ১৮ টা উপগ্ৰহও মহাকাশলৈ প্ৰেৰণ কৰা হয়।

উল্লেখ্য যে এছডি কাৰ্ডৰ ফৰ্মেটত ভাগৱত গীতাৰ এটা প্ৰতিলিপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন ফটো মহাকাশলৈ প্ৰেৰণ কৰে।

ইয়াৰ উপৰি ইছৰোৰ অধ্যক্ষৰ কে চিভান আৰু বৈজ্ঞানিক সচিব আৰ উমামহেশ্বৰমৰ নামো প্ৰেৰণ কৰা হয়।

স্পেচ কিডজ ইণ্ডিয়াৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে এছ ডি এছ এ টি। আৰু ইয়াৰে ওপৰৰ পেনেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন ফটো লগোৱা হৈছে।

স্পেড কিডজ ইণ্ডিয়া হৈছে এক সংগঠন যি শিক্ষাৰ্থীসকলৰ মাজত মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহ সৃষ্টি আৰু প্ৰচাৰ কৰাৰ কাম কৰে।

মহাকাশলৈ প্ৰেৰণকৰা এছ ডি এছ এ টিৰ লক্ষ্য হৈছে মহাকাশ বিকিৰণ গৱেষণা কৰা, মেগ্নেটোস্ফিয়াৰৰ গৱেষণা আদি।

আৰু পঢ়ক : নগাঁও ভেৰভেৰীৰ মৃত্যুঞ্জয় মন্দিৰত ১০০ টকা নিদিলে নিৰ্মালি নিদিয়ে দক্ষিণ ভাৰতৰ পণ্ডিতে!